Dead body Recovered: মানাহ নৈত মৃতদেহ উদ্ধাৰ; শৰীৰত আঘাতৰ চিন স্পষ্ট
মাণিকপুৰ, 20 আগষ্ট:বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত 3 নং বাশবাৰী মানাহ নৈত দেওবাৰে দুপৰীয়া এটা মৃতদেহ উদ্ধাৰ হয়। পানীত উপঙি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো। মৃতদেহটোত আঘাতৰ চিন স্পষ্টকৈ থকাৰ লগতে তেজ ওলাই থকা বুলি উল্লেখ কৰে প্ৰত্যক্ষদৰ্শী লোকসকলে।
প্ৰথম অৱস্থাত মৃতদেহটো চিনাক্ত হোৱা নাছিল যদিওঁ পিচলৈ ১ নং নোৱাপাৰাৰ খনিন্দ্ৰ ৰায় বুলি চিনাক্ত হয়। খনিন্দ্ৰ ৰায় যোৱা ১৭ আগষ্টৰ পৰা নিৰুদ্দেশ হৈ আছিল । কোনোবাই হত্যা কৰি মানাহ নৈত পেলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে প্ৰত্যক্ষদৰ্শী ৰাইজে।
ইতিমধ্যে ঘটনাস্থলীত মাণিকপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰিছে ৷ ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এতিয়ালৈ এই ঘটনাৰ লগত জড়িত কোনো লোক আটক অথবা গ্ৰেপ্তাৰ হোৱা নাই ৷
লগতে পঢ়ক:Road Mishap: যাত্ৰীবাহী বাছ খাৱৈত পৰি 7 জনৰ মৃত্যু; 22 গৰাকী আহত