Vehicles torched by Miscreants: হেঙেৰাবাৰীত দুৰ্বৃত্তই জ্বলালে চাৰিখনকৈ বাহন - Miscreants set fire to parked vehicles in Guwahati
গুৱাহাটী, 24 জুলাই :মহানগৰীৰ হেঙেৰাবাৰীৰ লিচুবাগানত ভয়ংকৰ কাণ্ড ৷ সোমবাৰে পুৱতি নিশা দুৰ্বৃত্তই জ্বলালে চাৰিখনকৈ দুচকীয়া বাহন ৷ এই ঘটনাত কেটিএমকে ধৰি আন বহু দুচকীয়া বাহন ৰক্ষা পৰে স্থানীয় লোকৰ তৎপৰতাত ৷
ঘটনাৰ বিৱৰণি অনুসৰি লিচুবাগানৰ পাহাৰৰ শিখৰত নিৰ্মীয়মান জিএমডিএৰ পানী টেংকিৰ চৌহদত স্থানীয় বহু লোকে পাৰ্কিং কৰে নিজৰ দুচকীয়া আৰু চাৰিচকীয়া বাহন ৷ পাহাৰীয়া খলা-বমা বাটেৰে নিজৰ ঘৰলৈ নিব নোৱাৰাৰ বাবেই বাহনসমূহ পথৰ দাঁতি বা লিচুবাগান পানী টেংকিৰ চৌহদত পাৰ্কিং কৰে ৷ আনদিনাৰ দৰে দেওবাৰে নিশাও স্থানীয় সেইসকল লোকে পানী টেংকিৰ চৌহদত পাৰ্কিং কৰি ৰাখিছিল নিজৰ বাহনসমূহ ৷ কিন্তু সোমবাৰে পুৱতি নিশা প্ৰায় দুই বজাত কোনো অচিনাক্ত দুৰ্বৃত্তই অগ্নি সংযোগ কৰে ইয়াৰে কোনো এখন বাহনত ৷
সেই জুইৰ লেলিহান শিখাই নিমিষতে পুৰি ছাই কৰে ইয়াৰে চাৰিখনকৈ দুচকীয়া বাহন ৷ স্থানীয় একাংশ লোকৰ তৎপৰতাত ৰক্ষা পৰে কাষতে থকা আন বহু বাহন ৷ বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱা দিছপুৰ থানাৰ আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ অৱশ্যে এই পৰ্যন্ত দুৰ্বৃত্তৰ কোনো শুংসূত্ৰ পোৱা নাই আৰক্ষীয়ে ৷ স্থানীয় লোকৰ অভিযোগ, পানী টেংকিটোত কোনো পহৰাৰ ব্যৱস্থা নাই জিএমডিএৰ তৰফৰ পৰা ৷ সেয়েহে দিনে-নিশাই মদ, ভাং আৰু ড্ৰাগছ আসক্ত যুৱক-যুৱতীৰ আড্ডাস্থলীলৈ পৰিণত হৈছে এই পানী টেংকি ৷
লগতে পঢ়ক :ARMS RECOVER: চাংসাৰীত যাত্ৰীবাহী বাছৰ পৰা পিষ্টল জব্দ