Dhemaji fire news: এগৰাকী বিধৱা মহিলাৰ ঘৰত দুৰ্বৃত্তৰ অগ্নিসংযোগ - Some miscreants set fire to a widow house
ধেমাজি, 19 এপ্ৰিল :বিহুৰ আনন্দৰ মাজতে ধেমাজি বঠাদৈ গাঁৱত অগ্নিকাণ্ডৰ ঘটনা ৷ ধেমাজিৰ বঠাদৈ গাঁৱত এগৰাকী বিধৱা মহিলাৰ ঘৰত কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰে ৷ অঞ্চলটোৰহ ঘুগুহা গাঁও পঞ্চায়তৰ অন্তৰ্গত বঠাদৈ গাঁৱৰ জয়ামাই দাস নামৰ এগৰাকী বিধৱা মহিলাৰ ঘৰত কোনো দুৰ্বৃত্তই অগ্নি সংযোগ কৰে ৷ জানিব পৰা মতে দুৰ্ভগীয়া মহিলা গৰাকীয়ে গাঁৱৰে শহুৰ-শাহুৱেকৰ ঘৰলৈ নিজৰ জী-জোঁৱাইয়েকৰ সৈতে ওলাই যোৱাৰ পিছতে কালি সন্ধিয়া ঘৰৰ ভিতৰত প্ৰৱেশ কৰি অগ্নি সংযোগ কোনো দুৰ্বৃত্তই (Dhemaji fire news) ৷
অগ্নি সংযোগ কৰাৰ ফলত মহিলা গৰাকীৰ ঘৰৰ বয়-বস্তু, কাপোৰ-কানি জুইত ভস্মীভূত হয় ৷ তদুপৰি এই জুইতহ PMAY ঘৰৰ বাবে লাভ কৰা ২৫ হাজাৰ টকাও নিমিষতে জ্বলি ছাৰখাৰ হয় ৷ উল্লেখ্য যে স্বামীৰ মৃত্যুৰ পিছৰে পৰা দুজনী কন্যা সন্তানৰ সৈতে দীৰ্ঘদিনে এই ঘৰটোতে বসবাস কৰি আহিছিল জয়ামাই দাসে ৷ বিহু আনন্দৰ মাজতে গাঁওখনৰ দুৰ্ভগীয়া মহিলাগৰাকী ঘৰত সংঘটিত এই ঘটনাক ধিক্কাৰ দিছে বিভিন্নজনে ৷ ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত আজি ধেমাজি সদৰ থানাত ভুক্তভোগী জয়ামাই দাসে এজাহাৰ দাখিল কৰিছে ৷
লগতে পঢ়ক :Heavy storm in Jonai: প্ৰচণ্ড ধুমুহাত গছ বাগৰি মৃত্যু যুৱকৰ