অসম

assam

ডিব্ৰুগড়ত দুৰ্বৃত্তই জ্বলালে ব্যৱসায়িক প্ৰতিষ্ঠান

By

Published : May 11, 2023, 4:05 PM IST

ETV Bharat / videos

Drugs racket in Dibrugarh: ড্ৰাগছ বিক্ৰীৰ সন্দেহত জ্বলালে দোকান

ডিব্ৰুগড়, ১১ মে':ডিব্ৰুগড়ৰ আলিমূৰত ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নিসংযোগ (Fire in Dibrugarh)। ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় এখন দোকান । আলিমূৰৰ এই ব্যৱসায়িক প্ৰতিষ্ঠানত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাৰ সন্দেহ স্থানীয় ৰাইজৰ (Fire at Alimur in Dibrugarh) । নিশা এই ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকী বিজিত শইকীয়াক টেঙাখাত আৰক্ষীয়ে আটক কৰাৰ পিচতেই সংঘটিত হৈছে এই ঘটনাটো ।

উল্লেখ্য় যে, ড্ৰাগছ ব্যৱসায়ত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত বিজিত শইকীয়াই টেঙাখাত, ঘোঁৰামৰা, মদাৰখাত আদি অঞ্চলত ড্ৰাগছ বিক্ৰীৰ জৰিয়তে নৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি নিয়াৰ অভিযোগ উত্থাপিত হৈ আহিছে । আৰক্ষীয়ে আটক কৰাৰ পাচতে নিশা কোনো অচিনাক্ত লোকে ড্ৰাগছৰ ঘাটি ৰূপে পৰিচিত ব্যৱসায়িক প্ৰতিষ্ঠানখন জ্বলাই দিলে । পিচত আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপিত কৰে ।

লগতে পঢ়ক:APW Case Against Ranjan Gogoi : প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে এপিডব্লিউৰ অভিজিৎ শৰ্মাৰ গোচৰ

ABOUT THE AUTHOR

...view details