টাউকাক নৈত বিহ দি মাছ নিধন দুস্কৃতিকাৰীৰ - বিহ দি মাছ নিধন দুস্কৃতিকাৰীৰ
Published : Dec 6, 2023, 1:32 PM IST
মৰাণ, 6 ডিচেম্বৰ : একাংশ দুস্কৃতিকাৰীৰ অমানৱীয় কাণ্ডই ভাবুকি কঢ়িয়াই আনিছে চৰাইদেউৰ সোণাৰিৰ টাউকাক নৈ লৈ। টাউকাক নৈত বিহ দি মাছ নিধন কৰিছে দুস্কৃতিকাৰীয়ে । ঘটনাৰ বিৱৰণী অনুসৰি, সোণাৰি নগৰৰ কাষেদি বৈ যোৱা টাউকাক নৈত নিশা কোনো দুষ্কৃতিকাৰীয়ে মাছ ধৰাৰ উদ্দেশ্যে নৈখনত বান্ধ দি বিহ প্ৰয়োগ কৰে।
ফলত নৈখনৰ কাষৰীয়া অঞ্চল যেনে গুটিঘাট, চেনীগুদাম, গোৱালাপথাৰ আদি অঞ্চলসমূহত মঙলবাৰে নিশাৰে পৰা বিভিন্ন প্ৰজাতিৰ থলুৱা মাছ যেনে চিতল, শিঙৰা, বৰালি আদি মাছ নৈত উপঙি থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। তাৰ পিচতে নৈত উপঙা মাছ বিচাৰি ভিৰ কৰিছে বিভিন্নজনে।
ইফালে বুধবাৰে একাংশই বিহ দি নিধন কৰা মাছসমূহ সোণাৰি নগৰৰ বিভিন্ন বজাৰত বিক্ৰী কৰা বুলি জানিব পৰা গৈছে । সুস্বাদু মাছৰ বাবে বিখ্যাত টাউকাক নৈখনত এনেদৰে বিহ প্ৰয়োগ কৰাৰ ফলত বিভিন্ন থলুৱা প্ৰজাতিৰ মাছসমূহৰ এনেদৰে মৃত্যু হোৱাত স্থানীয় ৰাইজ জাঙুৰ খাই উঠিছে ৷ ইয়াৰ লগতে নৈখনত বিহ প্ৰয়োগ কৰাৰ ফলত নৈখনৰ কাষত বাস কৰা ৰাইজৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকি আহি পৰিছে।
সম্প্ৰতি মাছ নিধন কার্যত জড়িত লোকসকলক চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক:ভূমি জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি