Crime in Kaliabor: আমবাগানত দুষ্কৃতিকৰীয়ে লণ্ডভণ্ড কৰিলে মন্দিৰ - Temple vandalised by miscreants
কলিয়াবৰ,৩১ মে':নগাঁও জিলাৰ কলিয়াবৰৰ আমবাগানত অঘটন । জিলাখনৰ আমবাগানত কেইবাটাও মন্দিৰ ভাঙি লণ্ডভণ্ড কৰিলে দুষ্কৃতিকৰীয়ে (Temple destroyed by miscreants in Kaliabor)। সাম্প্ৰদায়িক সংঘাত সৃষ্টিৰ বাবে দুষ্কৃতিকৰীয়ে এনে ঘটনা সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে (Temple vandalised by miscreants at Ambagan)।
কলিয়াবৰ মহকুমাৰ অন্তৰ্গত আমবাগানত বুধবাবে পুৱাৰে পৰা এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । আমবাগানৰ কেইবাটাও স্থানত দেৱ-দেৱীৰ মূৰ্তি মঙলবাৰে নিশা ভাঙি লণ্ডভণ্ড কৰে দুস্কৃতিকাৰীয়ে । এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । ইপিনে,পৰিস্থিতিৰ ওপৰত চোকা নজৰ ৰাখিছে কলিয়াবৰ মহকুমা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে ।