মাণিকপুৰত দুৰ্বৃত্তই তহিলং কৰিলে পথাৰৰ খেতি - public demand for arrest culprit
বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নোৱাগাঁৱৰ পথাৰত দুৰ্বৃত্তই পথাৰৰ তিয়ঁহ খেতি কাটি তহিলং (Miscreants cut down cucumber fields in Manikpur)কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । শ্বহিদুল ইছলাম নামৰ খেতিয়কজনে বহুতো কষ্ট কৰি এবিঘা মাটিত তিয়ঁহৰ খেতি কৰিছিল । প্ৰায় ৪০ হাজাৰ টকা খৰচ কৰি খেতি কৰাৰ পিছত ফল ধৰাৰ সময়তে শুকুৰবাৰে নিশা দুৰ্বৃত্তই খেতিডৰা কাটি তহলিং কৰে । দুখীয়া খেতিয়কজনৰ খেতিত দুৰ্বৃত্তই সংঘটিত কৰা এনে ঘটনাত এতিয়া মূৰে কপালে হাত দিবলগীয় পৰিস্থিতিৰ সৃষ্টি হৈছে । এই কাৰ্যত জড়িত লোকক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী (public demand for arrest culprit)জনাইছে স্থানীয় ৰাইজে ।
Last Updated : Feb 3, 2023, 8:28 PM IST