অসম

assam

Miscreants attack senior journalist:কাৰ্যালয়ত প্ৰৱেশ কৰি সাংবাদিকক আক্ৰমণ দুৰ্বৃত্তৰ

By

Published : Jul 10, 2023, 8:10 PM IST

সাংবাদিক উৎপল বৰাক আক্ৰমণ দুৰ্বৃত্তৰ

যোৰহাট, 10 জুলাই : যোৰহাটৰ এক ছেটেলাইট নিউজ চেনেলৰ সাংবাদিকক আক্ৰমণ দুৰ্বৃত্তৰ । সোমবাৰে বিয়লি ভাগত নিজ কাৰ্যালয়ত নিজৰ সতীৰ্থৰ সৈতে দুদিনীয়া কাৰ্যসূচীৰে যোৰহাটলৈ মুখ্যমন্ত্ৰীৰ আসন্ন ভ্ৰমণক লৈ আলোচনাত মিলিত হৈ থকা সময়তে দুজন ব্যক্তি কাযালয়লৈ সোমাই আহি কিয় আমাৰ বিপক্ষে নিউজ কৰিবি বুলি কৈ এক ব্যক্তিগত ছেটেলাইট নিউজ চেনেলৰ উজনি অসম ব্যুৰ’ চীফ উৎপল বৰাক মাৰপিট কৰি গুৰুতৰভাৱে আঘাত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে । বৰ্তমান সাংবাদিকগৰাকীক যোৰহাট চিকিৎসালয় মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে ।

উল্লেখ্য যে দেওবাৰে নিশা মালৌআলিৰ এটা বাসগৃহত যুৱতীসহ কেইবাজনো যুৱক সুৰাসুক্ত হৈ অনৈতিক কাৰ্যত লিপ্ত হৈছিল ৷ অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰাৰ বাবে ৰাইজ ওলাই আহি অসৎ কাৰ্যত লিপ্ত থকা যুৱক-যুৱতীক আৰক্ষী চমজাই দিয়ে । এই বাতৰি উৎপল বৰাৰ লগতে কেইবাটাও সংবাদ প্ৰতিষ্ঠানে সংগ্ৰহ কৰিছিল আৰু প্ৰচাৰ কৰিছিল । ইয়াৰ ফলশ্ৰুতিতেই ঘৰটোৰ গৰাকী তথা জয় বৈশ্য নামৰ যুৱকজনে আক্ৰমণৰ লক্ষ্য কৰি লয় সাংবাদিক উৎপল বৰাক । এই ঘটনাই সমগ্ৰ যোৰহাট জিলাতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক :Assam govt liquor policy : ৰাজ্যক সুৰা মুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ দাবী ৰাইজৰ দলৰ

ABOUT THE AUTHOR

...view details