Minor suspicious death: চিপ লাগি থকা অৱস্থাত নাবালিকা কিশোৰীৰ মৃতদেহ উদ্ধাৰ - অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোণোৱাল
Published : Oct 15, 2023, 2:11 PM IST
বঙাইগাঁও, 15 অক্টোবৰ : বঙাইগাওঁ জিলাৰ দোলাইগাঁৱত দেওবাৰে পুৱা এগৰাকী ১৪ বছৰীয়া কিশোৰীৰ মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে ৷ জানিব পৰা মতে কমলা খাতুম নামৰ এগৰাকী মহিলাৰ ঘৰত বনকৰা হিচাপে আছিল কিশোৰীগৰাকী ৷ চিপ লাগি থকা অৱস্থাত উদ্ধাৰ হৈছে কিশোৰীগৰাকীৰ মৃতদেহটো ৷
এই ঘটনাৰ খবৰ পাই ঘটনাস্থলীত বঙাইগাঁও আৰক্ষীৰ দলৰ লগতে অতিৰিক্ত আয়ুক্ত মগেন নৰহ, অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোণোৱাল উপস্থিত হয় ৷ বিজিত দাস নামৰ এগৰাকী ব্যক্তিৰ বাসগৃহত ভাৰতীয়া হিচাপে আছিল কমলা খাতুন নামৰ মহিলাগৰাকী । কিশোৰীগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷
অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোণোৱালে জানিবলৈ দিয়া মতে ফৰেনচিকৰ আৰু চিআইডিৰ দল উপস্থিত হৈ তদন্ত কৰাৰ পিচতহে কিশোৰীগৰাকীৰ মৃত্যুৰ প্ৰকৃত ঘটনা পোহৰ লৈ আহিব ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বঙাইগাঁও আৰক্ষীয়ে ৷
লগতে পঢ়ক:Attack on BJP MLA car : উত্তৰ প্ৰদেশত বিজেপি বিধায়িকাৰ বাহনত আক্ৰমণ