Minor girl suicide: চিপ লৈ আত্মহত্যা অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ - Student Suicide
জনীয়া, 21 আগষ্ট : বৰপেটা জিলাৰ কলগাছিয়াৰ লাচাংগা গাঁৱত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে ৷ সোমবাৰে পুৱাই লাচাংগা গাঁৱৰ ১৪ বছৰীয়া এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীয়ে নিজ ঘৰত চিপ লৈ আত্মহত্যা কৰে। ৷ অৱশ্যে আত্মহত্যাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। এই ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
জানিব পৰা মতে ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃ কৰ্মসূত্ৰে গুৱাহাটীত থাকে। ছাত্ৰীগৰাকীয়ে নিজৰ খুৰাকৰ লগত থাকি গাঁৱৰ স্কুলত অধ্যয়ন কৰে । কিন্তু কিছুদিন ধৰি পিতৃ-মাতৃয়ে তাইক গুৱাহাটী যাবলৈ ফোন কৰি কয় ৷ সেই কথা অনুসৰি আজি পুৱা গুৱাহাটীত থকা মাতৃ-পিতৃৰ ঘৰলৈ যাব বুলি ছাত্ৰীগৰাকীয়ে দেওবাৰে মাক-দেউতাকক ৰাতি ফোনত জনোৱাৰ পিচতে আজি পুৱা চাৰি বজাত উঠি ৰহস্যজনকভাৱে নিজ ঘৰতেই চিপ লৈ আত্মহত্যা কৰে ৷
তেওঁ কি কাৰণত আত্মহত্যা কৰিলে ইয়াৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি এক শোকৰ ছাঁ পৰিছে। ছাত্ৰীগৰাকীৰ অকাল মৃত্যুত কান্দোনত ভাঙি পৰিছে পৰিয়ালৰ লোক।
লগতে পঢ়ক:Tezpur doctor Suicide case: শোণিতপুৰৰ মিছামাৰী উপ স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত চিকিৎসকৰ আত্মহনন