অসম

assam

কিশোৰীক অত্যাচাৰ চলোৱাৰ অভিযোগত শিক্ষা বিষয়াৰ বিৰুদ্ধে গোচৰ

ETV Bharat / videos

Molestation of Minor Girl: কিশোৰীক অত্যাচাৰ চলোৱাৰ অভিযোগ শিক্ষা বিষয়াৰ বিৰুদ্ধে - Sonitpur

By

Published : Jul 28, 2023, 6:46 PM IST

তেজপুৰ,২৮ জুলাই :তেজপুৰৰ গাভৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়া এগৰাকীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৷ এগৰাকী কিশোৰীক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৰবি শীল নামৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ বিৰুদ্ধে ৷ সেই অভিযোগৰ ভিত্তিত শিক্ষা বিষয়াগৰাকীৰ বিৰুদ্ধে শুকুৰবাৰে শোণিতপুৰ জিলা শিশু সুৰক্ষা গোটে এজাহাৰ দাখিল কৰে তেজপুৰ আৰক্ষী থানাত ৷ আৰক্ষীয়ে POSCO আইনৰ অধীনত ইতিমধ্যে গোচৰ ৰুজু কৰে ৷

তেজপুৰ আৰক্ষীয়ে আই পি চি ৩৫৪ আৰু POSCO আইনৰ অধীনত ৫৮৭/২৩ মৰ্মে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷ আনহাতে শিক্ষা বিষয়াজনে স্বাস্থ্যজনিত কাৰণত চুটি লৈ আত্মগোপন কৰি থকা বুলি সন্দেহ কৰা হৈছে ৷ কাৰণ বিগত প্ৰায় এসপ্তাহে কাৰ্যালয়ত উপস্থিত হোৱা নাই শিক্ষা বিষয়াগৰাকী ৷ অৱশ্যে এই ঘটনাৰ তদন্তৰ পিচতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব ।

লগতে পঢ়ক:Kargil Vijay Diwash: তেজপুৰত ব্যতিক্ৰমী ৰূপত কাৰ্গিল বিজয় দিৱস পালন

For All Latest Updates

ABOUT THE AUTHOR

...view details