অসম

assam

পুখুৰীত পৰি মৃত্যুক আঁকোৱালি ল’লে কণমানিয়ে

ETV Bharat / videos

Minor boy body recovered: পুখুৰীত পৰি মৃত্যুক আঁকোৱালি ল’লে কণমানিয়ে - Minor boy body recovered at Bihpuria

By

Published : Jun 1, 2023, 8:03 PM IST

বিহপুৰীয়া,1 জুন :অসমীয়াত এষাৰ কথা আছে, ক্ষন্তেকৰ ভোজ খাওঁতা নাই... লখিমপুৰৰ বিহপুৰীয়াত সংঘটিত হৈছে মৰ্মান্তিক ঘটনা (Minor boy body recovered) ৷ লখিমপুৰ জিলাৰ বিহপুৰীয়াত বৃহস্পতিবাৰে পুৱা এটি শিশু ঘৰৰ পুখুৰীত পৰি মৃত্যুক আঁকোৱালি লয় (Minor boy body recovered at Bihpuria)৷  

মৃত শিশুটি বিহপুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত চিচাপথাৰ সন্তপুৰ নেপালী গাঁৱৰ নিবাসী পানধোৱা হাইস্কুলৰ সহকাৰী শিক্ষক হৰিপ্ৰসাদ উপাধ্যায় আৰু বিহপুৰীয়াৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ শিক্ষয়িত্ৰী বীণা দেৱীৰ পুত্ৰ বুলি জানিব পৰা গৈছে (8 years old boy drown in pond)৷ মৃত শিশুটোৰ বয়স ৮ বছৰ ।  

জানিব পৰা মতে শিশুটিয়ে আনদিনাৰ দৰে ঘৰৰ সন্মুখভাগত পুৱা প্ৰায় ৮ বজালৈকে পঢ়ি আছিল ৷ পঢ়ি থকা অৱস্থাতেই হঠাৎ শিশুটি পঢ়া স্থানৰ পৰা নোহোৱা হোৱাত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰাত ঘৰৰ কাষৰ পুখুৰীটোত শিশুটোৰ এপাত চেণ্ডেল পৰি থকা প্ৰত্যক্ষ কৰে ৷ লগে লগে চুবুৰীয়াৰ সহযোগত ততাতৈয়াকৈ পুখুৰীৰ পৰা শিশুটি উদ্ধাৰ কৰি পৰিয়ালৰ লোকে বিহপুৰীয়াৰ প্ৰাথমিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে ৷

লগতে পঢ়ক:Banned polythene smuggling: নিষিদ্ধ পলিথিনৰ ৰমৰমীয়া বেহা; জব্দ পলিথিন ভৰ্তি বাহন

ABOUT THE AUTHOR

...view details