অসম

assam

ডিব্ৰুগড়ৰ জকাইত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন অত্যাধুনিক নেচাৰপেথী চিকিৎসালয়

ETV Bharat / videos

Minister Sarbananda Sonowal in Dibrugarh: ডিব্ৰুগড়ৰ জকাইত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন অত্যাধুনিক নেচাৰ'পেথী চিকিৎসালয় - Naturopathy hospital in North East

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 3:04 PM IST

ডিব্ৰুগড়, 30 আগষ্ট : ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ৰ উদ্যোগত ডিব্ৰুগড়ত স্থাপন হ'ব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন 100 খন বিচনাযুক্ত, অত্যাধুনিক নেচাৰ'পেথী চিকিৎসালয় ৷ ৰাজ্য চৰকাৰে আজি চিকিৎসালয়খন নিৰ্মাণৰ বাবে ডিব্ৰুগড়ৰ জকাইত ভূমি আবন্টন দিয়াৰ পাচতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভূমি পৰিদৰ্শন কৰে ৷ লগতে জকাই অঞ্চলৰ ৰাইজৰ সৈতে মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে ৷ প্ৰায় 45 বিঘা ভূমিত ডিব্ৰুগড়ৰ জকাইত স্থাপন হ'ব এই অত্যধুনিক নেচাৰ'পেথী চিকিৎসালয়খন  ৷ 100 কোটি ব্যয় সাপেক্ষে ডিব্ৰুগড়ৰ জকাই খামটিঘাট অঞ্চলত নিৰ্মাণ হ'ব লগীয়া চিকিৎসালয়খন আগন্তুক 2 বছৰত সম্পূর্ণ কৰা হ'ব বুলি ঘোষণা কৰে মন্ত্ৰী সোণোৱালে ৷  

কেৱল চিকিৎসালয়েই নহয় 45 বিঘা ভূমিৰ সম্পূর্ণ চৌহদত গৱেষণা কেন্দ্ৰ, যোগাসনৰ প্ৰশিক্ষণেৰে কেনেকৈ ৰোগ মুক্ত হ'ব পাৰি তাৰো সেৱা উপলব্ধ হ'ব চৌহদটোত ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সফল নেতৃত্বৰ বাবে এইয়া সম্ভৱ হৈছে বুলি কয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ বুধবাৰে ভূমি পৰিদৰ্শনৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সংগ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকন, বিনোদ হাজৰিকাসহ বহু বিশিষ্ট ব্যক্তিয়ে  ৷ 

লগতে পঢ়ক:Tollgate in Assam: অসমত পুনৰ টোলগেট আৰম্ভ কৰিলে তীব্ৰ প্ৰতিবাদ হ’ব; শংকৰজ্যোতি বৰুৱা

ABOUT THE AUTHOR

...view details