বান পীড়িতৰ সমস্যাৰ বুজ ল’বলৈ উপস্থিত মন্ত্ৰী সঞ্জয় কিষাণ
হোজাইত উপস্থিত অসমৰ শ্ৰম বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ (Sanjay Kishan at Hojai) ৷ কেবিনেটৰ দায়িত্ব পালন কৰা উদ্দেশ্যৰে হোজাই জিলাখনৰ বিভিন্ন বিষয়ৰ ওপৰত পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে (Minister Sanjay Kisan visited the flood effected area) ৷ হোজাইৰ ফকিৰাবস্তিত নিৰ্মাণ কাৰ্য চলি থকা আদৰ্শ অংগনবাদী কেন্দ্ৰটো কাম-কাজ বুজ লয় মন্ত্ৰীগৰাকীয়ে । লগতে মন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ আগত কয় যে হোজাই সমষ্টিৰ বাবে 22 টা অংগনবাদী কেন্দ্ৰ অনুমোদন জনোৱা হৈছে ৷ হোজাই জিলাখনৰ বিভিন্ন ঠাইত নিৰ্মাণ হৈ থকা অংগনবাদী কেন্দ্ৰসমূহ কাম ক্ষিপ্ৰতাৰে কৰিবলৈ নিৰ্দেশ দিছে মন্ত্ৰীগৰাকীয়ে ৷ লগতে হোজাইৰ যোগীজানৰ বান পীড়িত লোকসকলৰ অভাৱ অভিযোগৰ বুজ লোৱাৰ কথাও অৱগত কৰে ৷
Last Updated : Feb 3, 2023, 8:23 PM IST
TAGGED:
Sanjay Kishan at Hojai