Ranoj Pegu in Tinsukia : নিৰ্মীয়মান বুঢ়ীদিহিং আদৰ্শ মহাবিদ্যালয় পৰিদৰ্শন শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ
তিনিচুকীয়া, ৮ আগষ্ট :সোমবাৰে বিয়লিৰ ভাগত তিনিচুকীয়া জিলাৰ ৰ্মাঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়ীদিহিং মৌজাত উপস্থিত হয় অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু ৷ তাতে মন্ত্ৰীগৰাকীয়ে বুঢ়ীদিহিং মৌজাৰ অধীনৰ বুঢ়ীদিহিঙৰ বালিজানত ৰ্নিমাণ হৈ থকা বুঢ়ীদিহিং আদৰ্শ ৰ্পযবেক্ষণ কৰে । অসম চৰকাৰৰ চিগনেছাৰ প্ৰজেক্টৰ প্ৰায় ১০ কোটি টকা ব্যয়ৰে ৰ্নিমাণ হৈ থকা এই বুঢ়ীদিহিং আদৰ্শ মহাবিদ্যালয়ৰ কাম অহা তিনি মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷
লগতে মন্ত্ৰীগৰাকীয়ে কয় যে ২০২৪ ৰ্বষৰ পৰা নিৰ্মীয়মান বুঢ়ীদিহিং আদৰ্শ মহাবিদ্যালয় পাঠদান হ’ব ৷ ইফালে শিক্ষামন্ত্ৰীগৰাকীক সদৌ মৰাণ ছাত্ৰ সন্থাৰ ফিল’বাৰী আঞ্চলিক সমিতিয়ে নিৰ্মীয়মান আদৰ্শ মহাবিদ্যালয়ত অধ্যাপক-অধ্যাপিকাৰ বাবে আদৰ্শ মহাবিদ্যালয়ৰ চৌহদতে আৱাসৰ ব্যৱস্থা, ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে আৱাস নিৰ্মাণ, বুঢ়ীদিহিং মৌজাত এখন (আই টি আই) কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান ৰ্নিমাণ, ফিল’বাৰী অঞ্চলৰ বিদ্যালয়সমূহত খালী হৈ থকা শিক্ষকৰ পদসমূহ শীঘ্ৰেই নিযুক্তি দিবৰ বাবে এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।
উল্লেখ্য যে, বুঢ়ীদিহিং আদৰ্শ মহাবিদ্যালয় পৰিদৰ্শনৰ সময়চোৱাত শিক্ষামন্ত্ৰীক সংগ দিয়ে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা, অসম যুৱ আয়োগৰ উপাধ্যক্ষ অৰুণজ্যোতি মৰাণ, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালৰ লগতে বিজেপি দলৰ কৰ্মীসকলে ।
লগতে পঢ়ক :Tribal Rest House inaugurate : মাৰ্ঘেৰিটাত কোটি টকীয়া জনজাতি জিৰণি গৃহ উদ্বোধন