Moran Bihu dance workshop: জিভা পিচল খালে মন্ত্ৰী পেগুৰ; ভাৰতৰ মুখ্যমন্ত্ৰী বুলিলে নৰেন্দ্ৰ মোডীক - Bihu dance rehearsal at Moran
মৰাণ, ২ এপ্ৰিল: বিহুনাচ পৰিৱেশনেৰে গীনিজ বুক অৱ্ ৱৰ্ল্ড ৰেকৰ্ড গঢ়াৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্য়ে তৎপৰতা আৰম্ভ কৰিছে । উল্লেখ্য় যে অহা ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে জিলাই জিলাই অনুষ্ঠিত হৈছে বিহুনাচৰ আখৰা (Bihu dance workshop in Assam) ৷ ৰাজ্য়ৰ আন ঠাইৰ লগতে মৰাণ চলিছে বিহুনাচৰ আখৰা শিবিৰ (Bihu dance rehearsal at Moran)।
দেওবাৰে মৰাণৰ নাট্য মন্দিৰত অনুষ্ঠিত বিহুৰ এই আখৰা তদাৰক কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Education Minister Dr Ranoj Pegu)। মন্ত্ৰীগৰাকীয়ে আজি আখৰাস্থলীত উপস্থিত হৈ অগ্ৰগতি সম্পৰ্কে বুজ লয় । ইয়াৰ পিচতে তেওঁ কয় যে ১০ হাজাৰ নাচনীক গুৱাহাটীত বিহুক বিশ্ব ৰেকৰ্ডৰ বাবে সাজু কৰা হৈছে । এই আখৰা শিবিৰসমূহ তদাৰক কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সকলো মন্ত্ৰীকে নিৰ্দেশ দিছে । যাৰ বাবে আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ মৰাণত মন্ত্ৰীগৰাকীয়ে বুজ লোৱা বুলি কয় ।
চৰাইদেউ জিলাৰ পৰা ৪০০ যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । সকলো ঢুলীয়া আৰু নাচনীকে নিজৰ নিজৰ স্বাস্থ্যৰ যতন ল'বলৈ তেওঁ আহ্বান জনায় । ইফালে, আজি সাংবাদিকৰ আগত ভাষ্য দি মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভাৰতৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডী বুলি মন্তব্য কৰে । জিভা পিছল খোৱা এই শব্দটো সন্দৰ্ভত তেওঁ অৱশ্য়ে পিচত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ।
লগতে পঢ়ক:Tezpur bihu dance workshop : তেজপুৰৰ বিহুনাচ কৰ্মশালাত মন্ত্ৰী পীযুষ হাজৰীকা