Ranjeet Kumar Das at Citrus Research Station: অসমৰ একমাত্ৰ টেঙা গৱেষণা কেন্দ্ৰ পৰিদৰ্শন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ - ৰাষ্ট্ৰীয় উদ্যান শস্য বৰ্ড
তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে শুকুৰবাৰে তিনিচুকীয়াৰ গেলাপুখুৰীস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ(Assam Agricultural University) অধীনত থকা অসমৰ একমাত্ৰ টেঙা গৱেষণা কেন্দ্ৰটো (Citrus Research Station) পৰিদৰ্শন কৰে । এই কেন্দ্ৰটোৰ নাৰ্চাৰীখনে কেন্দ্ৰীয় কৃষি বিভাগৰ অধীনস্থ ৰাষ্ট্ৰীয় উদ্যান শস্য বৰ্ডৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে একমাত্ৰ শ্ৰেষ্ঠ "তিনি তাৰকা সুমথিৰা নাৰ্চাৰী" ৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে । কেন্দ্ৰটোৰ বিজ্ঞানীসকলে উন্নত মানদণ্ডৰ সুমথিৰা পুলি উৎপাদন কৰি ৰাজ্যখনলৈ এই সন্মান আজুৰি আনিছে । সুমথিৰাৰ লগতে বছৰি ইয়াত উৎপাদন হোৱা প্ৰায় ৩৫ হাজাৰতকৈ অধিক টেঙা পুলি বিদেশলৈ ৰপ্তানি কৰা হয় । আজি কেন্দ্ৰটোৰ সৈতে জড়িত প্ৰতিগৰাকী কৰ্মচাৰীৰ কৰ্মোৎসাহ দেখি উৎসাহিত হোৱা বুলি সংবাদমাধ্যমৰ আগত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । কেন্দ্ৰটো পৰিদৰ্শন কালত অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সৈতে শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ আৰু জিলা উপায়ুক্ত নৰসিং পাৱাৰ উপস্থিত থাকে ৷
Last Updated : Feb 3, 2023, 8:35 PM IST