অসম

assam

ETV Bharat / videos

DU Ragging Incident : চিকিৎসাধীন ছাত্ৰৰ স্বাস্থ্যৰ বুজ ল'লে মন্ত্ৰী তেলীয়ে - Rameswar Teli took stock of DU ragging victim

By

Published : Nov 29, 2022, 3:17 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

ৰেগিঙৰ বলি হৈ চিকিৎসাধীন হৈ থকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আনন্দ শৰ্মাৰ স্বাস্থ্যৰ বুজ ল'লে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে (Rameswar Teli took stock of DU ragging victim) । ডিব্ৰুগড় আদিত্য নাৰ্চিং হোমত চিকিৎসাধীন হৈ থকা ভুক্তভোগী ছাত্ৰজনৰ চিকিৎসা ব্যৱস্থাৰ বুজ লৈ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে (Minister Rameswar Teli)। ৰেগিঙৰ ঘটনাত জড়িত কোনো দোষী ব্যক্তি সাৰি যাব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়ে মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । এই সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিয়াৰ কথা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে । অন্যহাতে প্ৰয়োজন হ'লে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ছাত্ৰ আনন্দ শৰ্মাক উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ নিয়া হ'ব বুলিও তেওঁ সদৰী কৰে (DU Ragging victim Anand Sharma)।
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

...view details