Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক আদৰণি মন্ত্ৰী ৰামেশ্বৰ তেলীৰ - constituency delimitation draft
ডিব্ৰুগড়, 21 জুন: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা অনুসৰি শাসক-বিৰোধীৰ বহু কেইগৰাকী মন্ত্ৰী-বিধায়কে হেৰুৱাব লগা হ’ব নিজ নিজ সমষ্টি ৷ তেওঁলোকে বিচাৰিব লাগিব নতুন সমষ্টি ৷ ইফালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ সৰ্বস্তৰৰ লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে ৷
খচৰাক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিৰ্বাচন আয়োগৰ সিদ্ধান্তক আদৰণি জনোৱা বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ সাধাৰণ ৰাইজকো আয়োগৰ সিদ্ধান্তক আদৰণি জনাবলৈ আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে ৷
লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাৰ কাৰ্যালয়ত উপস্থিত হৈ মন্ত্ৰী তেলীয়ে কয় যে লাহোৱাল সমষ্টি বিলুপ্তি হ'লেও লাহোৱাল সমষ্টিৰ ৰাইজৰ কোনো ধৰণৰ সমস্যা নহয় ৷ কেৱল সমষ্টিৰ নাম হে সলনি হ'ব ৷ আনহাতে লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চাবুৱা সমষ্টি ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা বুলিও তেওঁ মন্তব্য কৰে ৷
লগতে পঢ়ক:Opposition unity: উদ্ধৱ থাকৰেৰ সৈতে বৈঠক অসম জাতীয় পৰিষদ নেতৃবৰ্গৰ