অসম

assam

ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী

ETV Bharat / videos

77th Independence Day 2023 : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ডিব্ৰুগড়ৰ দুটা স্থানত হাই মাষ্ট ত্ৰিৰংগা উত্তোলন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ - কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী

By

Published : Aug 13, 2023, 9:53 PM IST

ডিব্ৰুগড়, 13 আগষ্ট : দিল্লীৰ দৰে ডিব্ৰুগড়ৰ প্ৰতিটো বিধানসভা সমষ্টিত হাই মাষ্ট ত্ৰিৰংগা স্থাপনৰ উদ্যোগ লৈছে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ ইতিমধ্য ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত কেইবাটাও সমষ্টিত এই স্থায়ী হাই মাষ্ট ত্ৰিৰংগা স্থাপন সম্পূৰ্ণ কৰা হৈছে ৷ ইয়াৰ পাচতে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ডিব্ৰুগড়ৰ দুটা স্থানত হাই মাষ্ট ত্ৰিৰংগা উত্তোলন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷

ডিব্ৰুগড়ৰ চৌকিডিঙী আৰু খনিকৰত দেওবাৰে কেন্দ্ৰীয় পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে হাই মাষ্ট ৰাষ্ট্ৰীয় পতাকাৰ উত্তোলন কৰে ৷ লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ১১ খন ৰয়েল এনফিল্ড বুলেট মটৰ চাইকেল ডিব্ৰুগড় আৰক্ষীক প্ৰদান কৰে ৷ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জিলাখনৰ এঘাৰখন থানা ক্ৰমে ডিব্ৰুগড়, বৰবৰুৱা, দুলীয়াজান, খোৱাং, নাহৰকটীয়া, টিংখাং, জয়পুৰ, নামৰূপ, মৰাণ, টেঙাখাট আৰু লাহোৱালক ১.৮০ লাখ টকা মূল্যৰ মটৰ চাইকেলসমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰে ৷

এই অনুষ্ঠানত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি ডাঃ চৈকত পাত্ৰ, জিলা উন্নয়ন আয়ুক্ত জিতু দাস, অসম গেছ কোম্পানী লিমিটেডৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা উপস্থিত থাকে ৷ ইয়াৰ পিচতে মন্ত্ৰীগৰাকীয়ে লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাৰ উপস্থিতিত খনিকৰৰ মহাত্মা গান্ধী পাৰ্কত আন এখন হাই মাষ্ট ত্ৰিৰংগা উত্তোলন কৰে । 

লগতে পঢ়ক :Ambulance Service: ৰাজ্যৰ জনজাতীয় অধ্যুষিত অঞ্চলৰ বাবে এম্বুলেন্স সেৱা মুকলি মুখ্যমন্ত্রীৰ

ABOUT THE AUTHOR

...view details