কংগ্ৰেছে অসমত বিশেষ একো কৰিব নোৱাৰে : পীযুষ হাজৰীকা
Published : Jan 18, 2024, 9:23 PM IST
মৰিগাঁও, 18 জানুৱাৰী : "কংগ্ৰেছে মানুহক অন্যায় কৰিছে ৷ অন্যায় কৰাৰ পিছত ন্যায় বিচৰা মানুহক আৰু অন্যায় কৰিছে ৷ এয়া কংগ্ৰেছৰ স্বভাৱ ৷" এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ জাগীৰোডত আজি অনুষ্ঠিত হোৱা ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা কাৰ্যসূচীক লৈ দলটোক তীব্ৰ সমালোচনা কৰে ৷
মন্ত্ৰী হাজৰীকাই কয় যে, ৰাহুল গান্ধীয়ে আমগুৰিত খোজ কাঢ়িবলৈ সাহসেই কৰিব নোৱাৰিলে ৷ অন্যায় কৰি ন্যায় দিব নোৱাৰি ৰাহুল গান্ধী আমগুৰিৰ পৰা 'পলাইছে' বুলি মন্তব্য কৰে মন্ত্ৰীজনে ৷ তেওঁ পুনৰ কয় য়ে, কংগ্ৰেছে অসমত বিশেষ একো কৰিব নোৱাৰে ৷ কংগ্ৰেছৰ দিনত যেতিয়া চাকৰিৰ মূল্য 50-70 লাখ টকা আছিল, তেতিয়া জাগীৰোডৰ দৰে গ্ৰামাঞ্চলৰ কোনোৱে চাকৰি পোৱা নাছিল ৷ এতিয়া প্ৰত্যেক বছৰে জাগীৰোডৰ পৰা দুটা-তিনটা ল’ৰাই এ পি এছ ছিৰ চাকৰি লাভ কৰে ৷ গতিকে বিজেপিয়ে ন্যায় কৰিছে, কংগ্ৰেছে যিমান কৰিলে অন্যায় কৰিলে বুলি উল্লেখ কৰে মন্ত্ৰী হাজৰীকাই ৷
তেওঁ পুনৰ কয় যে, কংগ্ৰেছে টকা লৈ এ পি এছ ছিৰ চাকৰি দিছিল, সেয়া অন্যায় কৰিছিল ৷ সেই অন্যায়ৰ ক্ষমা খোজক, কংগ্ৰেছে ন্যায় যাত্ৰা কৰিব নালাগে ৷ অন্যায় কৰি এতিয়া ক্ষমা খোজাৰ বাবে কংগ্ৰেছে যাত্ৰা কৰক, তেতিয়াহে কৰবাত কোনোবাই সহায় কৰিব বুলি কয় তেওঁ ৷
লগতে পঢ়ক :মুখ্যমন্ত্ৰীৰ সকীয়নি; গুৱাহাটীৰ ভিতৰেৰে যাব নোৱাৰিব ভাৰত জোড়ো ন্যায় যাত্ৰা