অসম

assam

মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰতিক্ৰিয়া

By

Published : Jun 7, 2023, 7:51 PM IST

ETV Bharat / videos

Oppositions Election strategy:১১ টা দলৰ বহুকেইটাৰ কোনেও নামেই শুনা নাই:পীযুষ হাজৰিকা

ৰঙিয়া,৭ জুন:তেজপুৰত কংগ্ৰেছে ১১ টা দলৰ সৈতে বৈঠক অনুষ্ঠিত কৰা সন্দৰ্ভত ৰঙিয়াত মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Pijush Hazarika on Oppositions Election strategy)। বুধবাৰে মন্ত্ৰী পীযুষ হাজৰিকাই  প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে  ১১ টা দলৰ ৪ টা মানৰ বাহিৰে বাকী দল কেইটাৰ কোনেও নামেই শুনা নাই । কংগ্ৰেছে অস্তিত্ব নোহোৱা দলৰ সৈতে মিতিৰালি কৰিলে বিজেপিৰ কোনো ক্ষতি নহয় বুলি মন্তব্য় কৰে মন্ত্ৰীগৰাকীয়ে ।

তেওঁ পুনৰ কয় যে কংগ্ৰেছে অস্তিত্ব নোহোৱা দলৰ সৈতে মিতিৰালি কৰিলে নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলায় (Pijush Hazarika on Congress Alliance)। কংগ্ৰেছে অকলে নিৰ্বাচন খেলিলে যিখিনি প্ৰত্যাহ্বান থাকিব বেলেগ দলৰ সৈতে মিত্ৰতা স্থাপন কৰিলেও সেই একেখিনি প্ৰত্যাহ্বানে থাকিব বুলি কটাক্ষ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই । যোৱাবাৰ মহাজোঁট বন্ধন কৰিও কোনো প্ৰভাৱ পেলাব নোৱাৰিলে বুলি তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক:Oppositions Election strategy:লোকসভা নিৰ্বাচনত বিজেপিক ৰোধিবলৈ তেজপুৰত বিৰোধীৰ ৰুদ্ধদ্বাৰ বৈঠক

For All Latest Updates

ABOUT THE AUTHOR

...view details