Construction on Puthimari River Embankment :পুঠিমাৰী নৈৰ ভগ্ন মথাউৰি নিৰ্মাণৰ কাম পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ - কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা
ৰঙিয়া, 7 জুন :বুধবাৰে ৰঙিয়া সমষ্টিৰ অন্তৰ্গত বগৰীবাৰীত পুঠিমাৰী নৈৰ ভগ্ন মথাউৰি নিৰ্মাণৰ কাম পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই । মন্ত্ৰী হাজৰীকাই স্থানীয় লোকৰ সৈতে কথা পাতি মথাউৰি নিৰ্মাণৰ কামৰ বুজ লয় ৷ মন্ত্ৰীগৰাকীক স্থানীয় লোকে নিৰ্মাণৰ কামত হোৱা আসোঁৱাহৰ বিষয়ে অৱগত কৰাত তেওঁ নিৰ্দ্দিষ্ট ঠিকাদাৰক আসোঁৱাহসমূহ দূৰ কৰিবলৈ নিৰ্দেশনা দিয়ে ( Construction on Puthimari river Embankment)৷ লগতে মথাউৰি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ৰাইজৰ যাতে কোনো সমস্যা নহয় তাৰ বাবে ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে (Minister Pijush Hazarika visits at Rangia)।
উল্লেখ্য যে, বিগত বৰ্ষত বগৰীবাৰীত পুঠিমাৰী নৈৰ মথাউৰি ভাঙি প্ৰলয়ংকাৰী বানৰ সৃষ্টি হৈছিল । ইয়াৰ পিচতে বগৰীবাৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ ভগ্ন মথাউৰি নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল । সেই অনুসৰি বৰ্তমানলৈকে মথাউৰিটোৰ ৭০ শতাংশ নিৰ্মাণৰ কাম কৰা হৈছে । পৰিদৰ্শনৰ সময়চোৱাত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা ৷
লগতে পঢ়ক:Bihu musical intrument pepa with bamboo: লখিমপুৰৰ বিধায়কক আৱেগিক কৰি তুলিলে ইটিভিৰ বাতৰিয়ে