অসম

assam

ETV Bharat / videos

Deori Autonomous Council Election: লখিমপুৰত পীযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ - মন্ত্ৰী পীযুষ হাজৰিকা

By

Published : Oct 28, 2022, 7:55 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

ৰাজ্যত অহা ৮ নৱেম্বৰত অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন(Deori Autonomous Council Election) ৷ ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ শাসকীয় দল বিজেপিয়ে পৰিষদৰ অন্তৰ্গত ২২ টা পৰিষদীয় সমষ্টিতে ব্যাপক প্ৰচাৰ চলাইছে । লখিমপুৰ জিলাৰ লালুকৰ ২১ নং গাভৰু টুনীজান পৰিষদীয় সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী ৰমা দেউৰী, বিহপুৰীয়াৰ ২০ নং বঙালমৰা সমষ্টিৰ প্ৰাৰ্থী প্ৰফুল্ল দেউৰী, ১৬ নং বাঁহগড়া সমষ্টিৰ প্ৰাৰ্থী নন্দিতা দেউৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী পীযুষ হাজৰিকাই(Pijush Hazarika election campaign in Lakhimpur) । ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে বিৰোধীক কটু সমালোচনা কৰাৰ লগতে বিৰোধী কিম্বা নিৰ্দলীয় প্ৰাৰ্থীক ভোট প্ৰদান কৰি কোনো লাভ নাই বুলি মন্তব্য কৰে(Minister Pijush Hazarika) । মন্ত্ৰীগৰাকীয়ে লগতে পৰিষদৰ সৰ্বমুঠ ২২ টা সমষ্টিৰ ভিতৰত অতি কমেও ২০ টা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰি মিত্ৰজোঁটে পৰিষদ গঠন কৰিব বুলি জানিবলৈ দিয়ে ৷ ইফালে বিয়লি ভাগলৈ মন্ত্ৰীগৰাকীয়ে নাৰায়ণপুৰত নিৰ্বাচনী প্ৰচাৰ চলায় ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

...view details