অসম

assam

ETV Bharat / videos

Minister Pijush Hazarika: কংগ্ৰেছ-এ আই ইউ ডি এফ ৰাজনৈতিকভাৱে চৰিত্ৰহীন: পীযুষ হাজৰীকা

By

Published : Jan 11, 2023, 7:12 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

কংগ্ৰেছ-এ আই ইউ ডি এফ ৰাজনৈতিকভাৱে চৰিত্ৰহীন বুলি মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ (Minister Pijush Hazarika)৷ দল দুটাৰ মিত্ৰতা হোৱা-নোহোৱাৰ প্ৰসংগত এই মন্তব্য মন্ত্ৰীগৰাকীৰ (Congress AIUDF alliance)৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ(Constituency delimitation Assam) সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, 2008 চনক কংগ্ৰেছ দলে নিৰ্দিষ্ট কিছুসংখ্যক লোকক সুৰক্ষা প্ৰদানৰ স্বাৰ্থত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ দিয়া নাছিল ৷ কিন্তু এতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে অসমক বচোৱাৰ চেষ্টা কৰা হৈছে বুলি মন্তব্য কৰে পীযুষ হাজৰীকাই ৷ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ(Bharat Jodo Yatra) সন্দৰ্ভত তেওঁ কয় যে, ৰাহুল গান্ধীয়ে খোজ কাঢ়োতে 10 হাজাৰ মানুহ একত্ৰিত হৈছে আৰু প্ৰধানমন্ত্ৰী মোডীয়ে এদিন খোজ কাঢ়িলে কমেও 1 লাখ মানুহ গোট খাব ৷ বুধবাৰে তেজপুৰত এই মন্তব্য কৰে অসম চৰকাৰৰ তথ্য, জনসংযোগ আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই (Pijush Hazarika in Tezpur)৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

...view details