ৰামকৃষ্ণ সেৱা সমিতিত মন্ত্ৰী পৰিমল শুক্লবৈদ্য - ৰাম কৃষ্ণ সেৱা সমিতি
Published : Jan 15, 2024, 8:28 AM IST
হাফলং 15 জানুৱাৰী: অহা 22 জানুৱাৰীৰ দিনা অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা হ’ব ৰাম মন্দিৰৰ আৰু এই উপলক্ষে 14 জানুৱাৰীৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত মঠ-মন্দিৰ-সত্ৰসমূহত আৰম্ভ হৈছে চাফাই অভিযান । এই চাফাই অভিযানৰ বাবে দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে হাফলঙত উপস্থিত হৈছিল ৰাজ্যৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য । দেওবাৰে পুৱা 9 মান বজাত হাফলঙৰ ৰামকৃষ্ণ সেৱা সমিতিত উপস্থিত হৈ ৰামকৃষ্ণ সেৱা সমিতি চৌহদত চাফাই অভিযানত ভাগ লয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ।
মন্ত্ৰীগৰাকীৰ লগতে হাফলং ৰামকৃষ্ণ সেৱা সমিতিত ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাস আৰু ৰামকৃষ্ণ সেৱা সমিতিৰ কৰ্মকৰ্তা আৰু সাধাৰণ ৰাইজে ৰামকৃষ্ণ সেৱা সমিতিৰ চৌহদত চাফাই অভিযানত অংশ লয় । এই অনুষ্ঠানত ভাগ লৈ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই দীৰ্ঘদিন তথা 550 বছৰীয়া অপেক্ষাৰ 22 জানুৱাৰীৰ দিনা অন্ত পৰিব বুলি আনন্দ প্ৰকাশ কৰে ৷
লগতে পঢ়ক:ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে 22 জানুৱাৰীত অসমত ড্ৰাই ডে’ ঘোষণা, কেবিনেটতো অনুমোদন