অসম

assam

ETV Bharat / videos

টীয়কত পথ সুৰক্ষা জন আন্দোলন সভাত মন্ত্ৰী পৰিমল শুক্লবৈদ্য - পথৰ নীতি নিৰ্দেশনা

🎬 Watch Now: Feature Video

টীয়কত পথ সুৰক্ষা জন আন্দোলন সভা

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 10:59 PM IST

টীয়ক, 13 ডিচেম্বৰ :পথ সুৰক্ষাৰ অৰ্থে জনজাগৰণ সৃষ্টি কৰিবৰ বাবে বুধবাৰে টীয়কত অসম চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য উপস্থিত হৈ জন আন্দোলনত অংশগ্ৰহণ কৰে । উল্লেখযোগ্য যে নিজে ৰাজপথত মটৰচাইকেল চলাই টীয়কৰ সভাস্থলীত উপস্থিত হয় মন্ত্ৰীগৰাকী ।

উক্ত কাৰ্যসূচীত মন্ত্ৰীগৰাকীক মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়া, যোৰহাট জিলাৰ আয়ুক্ত পুলক মহন্ত, আৰক্ষী অধীক্ষক মোহন লাল মিনাকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায় । ইপিনে মন্ত্ৰীগৰাকীয়ে পথত গাড়ী মটৰচাইকেল চলাওতে ল’বলগীয়া সতৰ্কতা সন্দৰ্ভত উপস্থিত জনসাধাৰণক বুজাবলৈ চেষ্টা কৰাৰ লগতে সকলোকে পথৰ নীতি নিৰ্দেশনা তথা সুৰক্ষা নীতি অৱলম্বন কৰি চলিবলৈ আহ্বান জনায় । উঠি অহা প্ৰজন্মৰ অভিভাৱকসকলক অধিক সচেতন হ’বলৈ অনুৰোধ জনাই তেওঁ ৷

লগতে পঢ়ক :মই আপোনাক উৎসাহিত কৰিছো যে আপুনি কেতিয়াও মদ নাখাব;গাখীৰ খাব: পৰিমল শুক্লবৈদ্য

ABOUT THE AUTHOR

...view details