অসম

assam

বৰ্ধিত বিদ্যুৎ মাছুল হ্ৰাসৰ দাবীৰে শক্তি মন্ত্ৰীৰ প্ৰতিকৃতি দাহ

ETV Bharat / videos

Irregular power supply in Assam : বৰ্ধিত বিদ্যুৎ মাচুল হ্ৰাসৰ দাবীৰে শক্তি মন্ত্ৰীৰ প্ৰতিকৃতি দাহ - বিদ্যুৎ মাচুল হ্ৰাস আৰু বিদ্যুৎ যোগান নিয়মীয়া

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 1:55 PM IST

নাহৰকটীয়া, 3 অক্টোবৰ: বৰ্ধিত বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ দাবীৰে মঙলবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে । নাহৰকটীয়াতো সংগঠনটোৰ নাহৰকটীয়া আঞ্চলিক সমিতিয়ে নাহৰকটীয়া ৰেল গেটৰ সমীপত শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে । প্ৰতিবাদস্থলীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক গৌৰাংগ গগৈয়ে অংশগ্ৰহণ কৰি চৰকাৰৰ এই জনবিৰোধী নীতিৰ বিৰুদ্ধে সোচ্চাৰ হয় ৷ 

লগতে, বৰ্তমান গৰমৰ মাত্ৰাই 41 ডিগ্ৰী পৰ্যন্ত হোৱাৰ সময়ত চৰকাৰখনে সৰ্বসাধাৰণক নিয়মীয়া বিদ্যুত যোগানেৰে সকাহ দিব লাগিছিল কিন্তু তাৰ বিপৰীতে অস্বাভাৱিক বিদ্যুৎ কৰ্তন আৰু অত্যাধিক হাৰত বিদ্যুৎৰ মাচুল বৃদ্ধি কৰি ৰাইজক কোঙা কৰাহে পৰিলক্ষিত হৈছে বুলি চৰকাৰখনক সমালোচনা কৰে । গগৈয়ে চৰকাৰৰ এই জনবিৰোধী নীতিক গৰিহণা জনোৱাৰ লগতে এই উৎকট গৰমত চৰকাৰে অতি শীঘ্ৰে বিদ্যুৎ মাচুল হ্ৰাস আৰু বিদ্যুৎ যোগান নিয়মীয়া নকৰিলে ধাৰাবাহিকভাবে গণতান্ত্ৰিক প্ৰতিবাদ গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দিয়ে ।

লগতে পঢ়ক:Fire incident in Jorhat : যোৰহাটৰ বস্ত্ৰ বিপণীত অগ্নিকাণ্ডৰ ঘটনা, কথমপি বৃহৎ ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা

ABOUT THE AUTHOR

...view details