অসম

assam

মেজিৰ উত্তাপে অপায় অমঙ্গল নাইকিয়া কৰিব বুলি আশা প্ৰকাশ মন্ত্ৰী যোগেন মহনৰ

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 11:47 AM IST

মন্ত্ৰী যোগেন মহনৰ শুভেচ্ছাবাণী

মৰাণ, 14 জানুৱাৰী: আজি হেঁপাহৰ উৰুকা। মাহ জোৰা প্ৰস্তুতিৰ অন্তত চহা কৃষিজীৱী ৰাইজে ভোগালী বিহু উদযাপন কৰিবলৈ সাজু হৈছে । পথাৰত নৰা কাটি গাঁৱৰ ডেকা-গাভৰু মিলি মেজি ঘৰ বনাই ইতিমধ্যে সম্পূৰ্ণ কৰিছে । আধুনিকতাৰ পৰশ পেলাই সকলোতে আটকধুনীয়াকৈ সাজি তোলা হৈছে ভেলাঘৰ । 

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাইজে বিভিন্ন আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰি আজি উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাই পৰম্পৰা ৰক্ষা কৰিব । ইয়াৰ মাজতে ৰাজ্যবাসীক হেঁপাহৰ ভোগালী বিহুৰ শুভেচ্ছা জনায় কেবিনেট মন্ত্ৰী যোগেন মহনে । মেজিৰ উত্তাপে সমাজৰ পৰা অপায় অমঙ্গল নাইকিয়া কৰিব বুলিও আশা প্ৰকাশ কৰে কেবিনেট মন্ত্ৰীগৰাকীয়ে । লগতে মন্ত্ৰীগৰাকীয়ে অসমবাসী ৰাইজলৈ ভোগালীৰ যি পৰম্পৰা তাক ৰক্ষা কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক:আজি উৰুকা, ৰাজ্যৰ বজাৰত মাছৰ উজান

ABOUT THE AUTHOR

...view details