অসম

assam

আসন সংৰক্ষণ বিধেয়ক সন্দৰ্ভত কি ক’লে মন্ত্ৰী যোগেন মহনে শুনক

ETV Bharat / videos

Women Reservation bill: মহিলাৰ বাবে আসন সংৰক্ষণ বিধেয়ক সন্দৰ্ভত মন্ত্ৰী যোগেন মহনৰ প্ৰতিক্ৰিয়া - মহিলাৰ বাবে আসন সংৰক্ষণ বিধেয়ক

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 10:39 PM IST

ডিব্ৰুগড়, 21 ছেপ্টেম্বৰ: চলিত লোকসভাত গৃহীত হ’ল মহিলাৰ বাবে আসন সংৰক্ষণ বিধেয়ক । এই বিধেয়কক লৈ দেশজুৰি ব্যাপক চৰ্চা আৰম্ভ হৈছে । কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন সিং মেঘৱালে বুধবাৰে লোকসভাত উত্থাপন কৰে এই বিধেয়কখন । ইয়াৰ পাচতেই সৰ্বসন্মতিক্ৰমে বিধেয়কখন লোকসভা আৰু বিধানসভাত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ লক্ষ্যৰে গৃহীত হয় ।

এই বিধেয়ক গৃহীত হোৱাৰ পাচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে । এই বিধেয়কৰ বাবে দীৰ্ঘদিনীয়া দাবী আছিল । মহিলাৰ বাবে আসন সংৰক্ষণ বিধেয়ক গৃহীত কৰি দেশৰ মহিলাৰ শক্তি বৃদ্ধি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, এই মন্তব্য মন্ত্ৰীজনৰ । ৰাজনৈতিক ভাৱে এতিয়াৰে পৰা দেশৰ মহিলাসকল অধিক শক্তিশালী হ’ব বুলিও কয় ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে ।

লগতে পঢ়ক :Amrit Kalash Yatra: অমৃত কলহ হাতত লৈ ৰাইজৰ ঘৰে ঘৰে মাটি সংগ্ৰহ মন্ত্ৰী যোগেন মহনৰ

ABOUT THE AUTHOR

...view details