অসম

assam

ETV Bharat / videos

Azadi ka amrit mahotsav: হাতত ত্ৰিৰংগা লৈ মৰাণৰ ৰাজপথত মন্ত্ৰী যোগেন মহন - Azadi ka amrit mahotsab

By

Published : Aug 11, 2022, 3:24 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

সমাগত 75 সংখ্যক স্বাধীনতা দিৱস(75 th years of Independence)। স্বাধীনতা দিৱস উদযাপনৰ বাবে দেশজুৰি ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে । বিশেষকৈ 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ তৎপৰ হৈছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ । আজি 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে হাতত ৰাষ্ট্ৰীয় পতাকা লৈ মৰাণৰ ৰাজপথলৈ ওলাই আহে মন্ত্ৰী যোগেন মহন । দেশে স্বাধীনতাৰ ৭৫ তম বৰ্ষত ভৰি দিয়াৰ উপলক্ষে দেশবাসীয়ে পালন কৰিব 'আজাদী কা অমৃত মহোৎসৱ'(Azadi ka amrit mahotsab)। এই আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি আজি পুৱা মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত বিজেপিৰ মৰাণ নগৰ মণ্ডলে 'প্ৰভাত ফেৰী' কাৰ্যসূচী ৰূপায়ণ কৰে । মৰাণ ট্ৰেফিক পইণ্টৰ পৰা আৰম্ভ হোৱা শোভাযাত্ৰাটোত অংশগ্ৰহণ কৰি মন্ত্ৰী যোগেন মহনে অসমবাসীক ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে নিজ নিজ বাসগৃহত ত্ৰিৰংগা পতাকা উৰুৱাবলৈ আহ্বান জনায় ।
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

...view details