অসম

assam

বঙাইগাঁৱত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী যোগেন মহনৰ

ETV Bharat / videos

77th Independence Day: বঙাইগাঁৱত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী যোগেন মহনৰ - 15th August 2023

By

Published : Aug 15, 2023, 9:28 PM IST

বঙাইগাঁও, ১৫ আগষ্ট:বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মঙলবাৰে উলহ-মালহেৰে উদযাপন কৰা হয় দেশৰ ৭৭সংখ্যক স্বাধীনতা দিৱস ৷ গান্ধী ময়দানত অনুষ্ঠিত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে । গান্ধী ময়দানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিয়া ভাষণত তেওঁ ৰাজ্য চৰকাৰৰ বসুন্ধৰা ২.০, অৰুণোদই আদি আঁচনিৰ বিষয়ে উল্লেখ কৰে ।

তদুপৰি ৰাজ্যখনত ৰূপায়ণ হৈ থকা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, কৃষি, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, পশুপালন, মীন উন্নয়ন, জলসম্পদ, লোকনিৰ্মাণ, নগৰ আৰু গাঁও পৰিকল্পনা, সামাজিক বনানীকৰণ, মহিলা আৰু শিশু উন্নয়ন আদি বিভাগৰ উন্নয়নমূলক আঁচনিৰ বিষয়েও মন্ত্ৰী যোগেন মহনে ভাষণত উল্লেখ কৰে । মন্ত্ৰীগৰাকীয়ে আজিৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত উপস্থিত থকা স্বাধীনতা যুঁজাৰু ৰোহিত দাসৰ পত্নী ৰীণা দাসৰো খা-খবৰ লয় ।

লগতে পঢ়ক:77th Independence Day: সৰুপথাৰত মহকুমাধিপতি দিনছেংফা বৰুৱাই উত্তোলন কৰিলে স্বাধীনতা দিৱসৰ পতাকা

ABOUT THE AUTHOR

...view details