অসম

assam

খুমটাইত ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহন

ETV Bharat / videos

Mission Basundhara 2 : মিছন বসুন্ধৰা 2 ৰ জৰিয়তে পাঁচ লাখ মানুহে লাভ কৰিছে মাটিৰ পট্টা : যোগেন মহন

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 1:10 PM IST

ডিব্ৰুগড়, 9 অক্টোবৰ :ৰাজ্য চৰকাৰে বসুন্ধৰা আঁচনিৰ জৰিয়তে ৰাজ্যখনত ভূমিকেন্দ্ৰীক সমস্যা সমাধানৰ বাবে চেষ্টা কৰা পাচতেই আৰম্ভ কৰিছে মিছন বসুন্ধৰা 2 । বসুন্ধৰা আঁচনিৰ জৰিয়তে প্ৰথম পৰ্যায়ত কেইবা হাজাৰ ৰাইজক ভূমি পট্টা প্ৰদান কৰা পাচতেই মিছন বসুন্ধৰা 2 ৰ জৰিয়তে ৰাজ্যৰ পাঁচ লাখ লোকক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিছে । চৰাইদেউৰ খুমটাইত এই কথা ঘোষণা কৰে ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহনে ।

মন্ত্ৰীগৰাকীয়ে কয়, ‘‘মিছন বসুন্ধৰা 2 ৰ জৰিয়তে পাঁচ লাখ লোকে ভূমি পট্টা পাব । যিসমূহ ভূমিৰ পট্টা প্ৰদানত জটিলতা আছে, সেইসমূহক মিছন বসুন্ধৰা 3 ৰ জৰিয়তে দিয়া হ’ব’’ । 14 নৱেম্বৰত বসুন্ধৰা আঁচনি সমাপ্ত কৰি 2024 চনত চনত বসুন্ধৰা 3 আৰম্ভ কৰা হ’ব বুলিও কয় মন্ত্ৰী যোগেন মহনে । দেশত অমৃত কাল চলি থকা সময়ত মাটিৰ পট্টা প্ৰদান কৰাটো ৰাজহ বিভাগৰ প্ৰধান লক্ষ্য বুলিও কয় ৰাজহ মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :Amrit Kalash Yatra: দেশপ্ৰেম থকা কংগ্ৰেছ বিধায়কে অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰিছে ; যোগেন মহন

ABOUT THE AUTHOR

...view details