অসম

assam

Micro Finance Loan Relief in Assam

ETV Bharat / videos

Micro Finance Loan Relief in Assam : লখিমপুৰত ঋণমুক্ত প্ৰমাণপত্র প্ৰদান মন্ত্ৰী যোগেন মহনৰ - no dues certificate distribution in Assam

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 8:56 PM IST

লখিমপুৰ, ১৬ অক্টোবৰ : ৰাজ্যৰ বিভিন্ন জিলাৰ দৰে লখিমপুৰতো সোমবাৰে মাইক্ৰ' ফাইনেন্সৰ ঋণমুক্ত প্ৰমাণ-পত্র প্ৰদানৰ সভা অনুষ্ঠিত হয় । নগৰখনৰ ত্যাগ ক্ষেত্রত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে মন্ত্রী যোগেন মহনে । উল্লেখ্য যে ৰাষ্ট্ৰ নিৰ্মাণ সপ্তাহৰ অংশ হিচাপে ৰাজ্যৰ ২৩ খন জিলাৰ লগতে লখিমপুৰতো জিলা প্ৰশাসনৰ উদ্যোগত সোমবাৰে বিয়লি উত্তৰ লখিমপুৰৰ ত্যাগ ক্ষেত্ৰত ক্ষুদ্ৰ বিত্তীয় উদগনি আৰু সাহায্য আঁচনিৰ বকেয়া মুক্তি প্ৰমাণ-পত্ৰ বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয় ।

লখিমপুৰ জিলাৰ মুঠ ১১,৪২৬ গৰাকী ব্যক্তিক এই অনুষ্ঠানত ঋণ ৰেহাইৰ প্ৰমাণ-প্ৰত্ৰ প্ৰদান কৰা হয় । এই অনুষ্ঠানত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্রী যোগেন মহন উপস্থিত থাকি প্ৰমাণ-পত্ৰসমূহ বিতৰণ কৰে । ভাষণ প্ৰসংগত মন্ত্রী যোগেন মহনে কয় যে বৰ্তমান চৰকাৰে উন্নয়নৰ বাবে বিশেষ বিশেষ আঁচনি গ্ৰহণ কৰি ৰাজ্যখনৰ উন্নয়নৰ লগতে ৰাইজৰ অৰ্থনৈতিক দিশটো টনকিয়াল কৰিছে ।

সোমবাৰে আয়োজন কৰা এই অনুষ্ঠানো তেনে এক উন্নয়নৰ অংশ বুলি তেওঁ উল্লেখ কৰে । এই অনুষ্ঠানত লখিমপুৰ জিলাৰ আয়ুক্ত সুমিত ছত্তৱান, ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে, বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞাকে আদি কৰি বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে । আনহাতে, জিলাখনৰ মুঠ ১১,৪২৬ গৰাকী মহিলাৰ ভিতৰত মন্ত্রীগৰাকীয়ে ৯ গৰাকী মহিলাক প্ৰমাণ-পত্ৰ প্ৰদান কৰি আনুষ্ঠানিকভাবে এই কাৰ্যসূচী আৰম্ভ কৰে । 

লগতে পঢ়ক :No dues certificate distribution : শিৱসাগৰত ১৬,৭৮৬ মহিলাক বকেয়া শূন্যতা প্ৰমাণ পত্ৰ প্ৰদান

ABOUT THE AUTHOR

...view details