Minister Jayanta Mallabaruah reacts: মাজুলীত ভূপেন বৰাক উভতি ধৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই - মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা
মিঞা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰা মন্তব্য (APCC President reaction on Miya museum) সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Minister Jayanta Mallabaruah reacts) ৷ বৃহস্পতিবাৰে মাজুলীত উপস্থিত হৈ তেওঁ কয় যে অসমৰ খিলঞ্জীয়া মুছলমানসকল আৰু মিঞাক একাকাৰ কৰি যদি কোনোবাই কথা ক’ব বিচাৰে তেওঁলোকে অসমীয়া জাতিৰ ইতিহাস নজনাৰ দৰে হ’ব । অসমীয়া জাতিত ইছলাম ধৰ্মৰ মানুহৰ এটা বেলেগ স্থান আছে বুলিও মন্ত্ৰীগৰাকীয়ে কয় । তেওঁ লগতে কয় যে, যিসকলক তেওঁলোকে মিঞা বুলি কয় সেইসকল আগ্ৰাসনকাৰীহে ৷ তেওঁ লগতে ভূপেন বৰাক (APCC President Bhupen Bora) বদনৰ আখ্যা পাবলৈ ইচ্ছা নাই যদি মিঞা পক্ষ এৰিবলৈ আহ্বান জনায় । ইফালে গাঁৱে গাঁৱে সুৰা বিপনিৰ কথা মিছাকৈ প্ৰচাৰ হৈছে বুলিও কয় মন্ত্ৰীগৰাকীয়ে । তেওঁ কয় আমাৰ চৰকাৰৰ এনে পৰিকল্পনা নাই । এইয়া এক অপ্ৰপচাৰহে ৷
Last Updated : Feb 3, 2023, 8:31 PM IST