অসম

assam

Amrit Brikshya Andolan: নিজৰ গাত বোকা থকাৰ পাচত আনলৈ কিয় ছটিয়াই ! সাংসদ গৌৰৱলৈ প্ৰশ্ন মন্ত্ৰী জয়ন্তৰ

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 2:58 PM IST

Amrit Brikshya Andolan

নলবাৰী, 17 ছেপ্টেম্বৰ:আজিৰ ৰাজ্যত ব্যাপকভাৱে পালন কৰা হৈছে ‘‘অমৃত বৃক্ষ আন্দোলন’’ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নলবাৰীৰ মাধাপুৰত ৰাজহুৱাকৈ গছপুলি ৰোপণৰ শুভাৰম্ভ কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই । এম চি মিলন হাইস্কুল খেলপথাৰত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গছপুলি ৰোপণ কৰাৰ পাচত স্থানীয় ৰাইজে ৰোপণ কৰে গছপুলি ।

গছপুলি ৰোপণ কৰি সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু সাংসদ গৌৰৱ গগৈ সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰে ৷ বিধায়ক মানৱ ডেকাই ভূপেন বৰাৰ বিৰুদ্ধে কৰা ভূমি কেলেংকাৰী সন্দৰ্ভত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ কয়,‘‘ভূপেন বৰাৰ ভেটাপাৰাত থকা মাটিৰ সীমা ঠেলি ঠেলি নিজেই এক ভূমি বেদখলকাৰীত সাঙোৰ খাই থকা ব্যক্তি হৈ পৰিছে ।’’

‘‘সাংসদ গৌৰৱ গগৈয়ে সোণাপুৰত ইমান মাটি ক’ৰ পৰা কিনিছে ! আয়কৰ তথ্যত ইমানখিনি ভূমিৰ তথ্য আছে নে ? নিজৰ গাত বোকা থকাৰ পাচত আনলৈ ছটিয়াব নালাগে,’’ এইদৰে সাংসদ গৌৰৱ গগৈক সমালোচনা কৰে ৷

 
আনহাতে বজালী জিলাক পুনৰ জিলা ৰূপে ঘোষণা কৰা হ’ব বুলি সদৰী কৰাৰ লগতে বজালী জিলাৰ সীমা এলেকা নিৰ্ধাৰণত কিছু দ্বিমত চলি থকা বাবে এনে কিছু প্ৰতিবাদ হৈ থকা বুলি সদৰী কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ।

লগতে পঢ়ক :Bishwakarma Puja: নলবাৰীত তুংগত উঠিছে বিশ্বকৰ্মা পূজাৰ প্ৰস্তুতি

ABOUT THE AUTHOR

...view details