নলবাৰীৰ ৰাস মহোৎসৱথলীত কেইবাটাও কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
Published : Dec 6, 2023, 6:08 PM IST
নলবাৰী, ৬ ডিচেম্বৰ : নলবাৰীৰ হৰি মন্দিৰ প্ৰাংগনত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বুধবাৰে কেইবাটাও কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে ৷ এই অনুষ্ঠানতে জনস্বাস্থ্য কাৰিকৰী বিভাগ নলবাৰী সংমণ্ডল আৰু বেলশৰ সংমণ্ডলৰ অন্তৰ্গত জল ব্যৱহৃত সমিতিক পাৰদৰ্শিতাৰ বঁটা, শ্ৰেষ্ঠ জলমিত্ৰক শ্ৰেষ্ঠ পাৰদৰ্শিতাৰ বঁটা, জল মিত্ৰ বঁটা, শ্ৰেষ্ঠ জলদূত বঁটা প্ৰাদন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । ইয়াৰোপৰি শ্ৰেষ্ঠ অংগনৱাড়ী কেন্দ্ৰকো বঁটা প্ৰদান কৰা হয় ৷
এই অনুষ্ঠানতে বেটী বচাও বেটী পঢ়াওৰ অধীনত নলবাৰী হৰি মন্দিৰ প্ৰাংগনত চেনিটেৰী নেপকিন ভেন্দিং মেছিন বিতৰণিৰো শুভাৰম্ভনি কৰা হয় । তদুপৰি এই সভাতে 12 টা আত্মসহায়ক গোটক 66 কোটি টকা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, নলবাৰীৰ উদ্যোগত আত্মসহায়ক গোটসমূহক বেংক ঋণ প্ৰদান কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । সম্প্ৰতি মন্ত্ৰীগৰাকীয়ে 530 কোটি টকা আত্মসহায়ক গোটক ঋণ হিচাপে প্ৰদান কৰিছে ৷
মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানতে আজি প্ৰজ্ঞা এপ মুকলি কৰে ৷ এই প্ৰজ্ঞা এপ প্ৰযোজ্য হ’ব নলবাৰী পৌৰসভা আৰু টিহু পৌৰসভাত ৷ এই এপৰ জৰিয়তে বহুতো সুবিধা লাভ কৰিব নলবাৰী জিলাবাসীয়ে । লগতে হৰিমন্দিৰৰ ৰাস মহোৎসৱৰ সৈতে সংগতি ৰাখি আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাৰ ফলাফলসমূহো ঘোষণা কৰা হয় ৷