অসম

assam

By

Published : Nov 5, 2022, 11:04 AM IST

Updated : Feb 3, 2023, 8:31 PM IST

ETV Bharat / videos

DAC ELECTION 2022 : কংগ্ৰেছে এতিয়া খিলঞ্জীয়া মানুহৰ ওচৰলৈ যাব নোৱাৰে !

শুকুৰবাৰে চৰাইদেউ জিলাৰ মাহমৰাত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী সভাত ৭ নং ৰজাবাৰী সমষ্টিৰ প্ৰাৰ্থী ভৈৰৱ দেউৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Minister Jayanta Malla Baruah)। এই প্ৰচাৰ সভাত ভাষণ প্ৰদান কৰি অহা ৮ নৱেম্বৰত হ'ব লগা দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত(DAC election 2022) ভাৰতীয় জনতা পাৰ্টী আৰু অগপ মিত্ৰ দলে ২২ খন আসনেই দখল কৰিব বুলি দৃঢ়তাৰে কয় । লগতে মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক সমালোচনা কৰি কয়, "কংগ্ৰেছ এতিয়া খিলঞ্জীয়া মানুহৰ ওচৰলৈ যাব নোৱাৰে । সেয়ে দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ(Deori Autonomous Council) নিৰ্বাচনত প্ৰাৰ্থীত্ব দিব পৰা নাই । কিছুদিনৰ পাছত বিধানসভা, লোকসভা নিৰ্বাচনতো প্ৰাৰ্থীত্ব আগবঢ়াব নোৱাৰিব । প্ৰাৰ্থীত্ব দিবলৈ মিঞা অধ্যুষিত অঞ্চললৈ যাব লাগিব"। এই প্ৰচাৰ কাৰ্যসূচীত ৰাজহ মন্ত্ৰী যোগেন মহন, সাংসদ তপন কুমাৰ গগৈ, বিধায়ক সুশান্ত বৰগোঁহায়ো উপস্থিত থাকে ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

...view details