অসম

assam

বৰপেটা আৰু বজালী জিলাৰ সীমা নিৰ্ধাৰণ

ETV Bharat / videos

Chandra Mohan Patowary : বৰপেটা-বজালী জিলাৰ সীমা নিৰ্ধাৰণ প্ৰসংগত প্ৰতিক্ৰিয়া মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ - মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 8:51 PM IST

বৰপেটা, ২৪ ছেপ্টেম্বৰ : বৰপেটা আৰু বজালী জিলাৰ সীমা নিৰ্ধাৰণ প্ৰসংগত মন্তব্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷ দুয়োখন জিলাৰ সীমা নিৰ্ধাৰণৰ বাবে শনিবাৰে অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত ৩ গৰাকী মন্ত্ৰীক লৈ এখন উপ-কমিটি গঠন কৰি দিয়া হৈছে ৷  

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জয়ন্ত মল্ল বৰুৱা আৰু অতুল বৰাক সামৰি গঠন কৰা হৈছে এই বিশেষ উপ-সমিতিখন ৷ ইয়াৰ পিছতে দেওবাৰে এক দলীয় সভাত অংশগ্ৰহণৰ উদ্দেশ্যৰে বৰপেটাত উপস্থিত হোৱা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জিলা দুখনৰ সীমা নিৰ্ধাৰণ প্ৰসংগত তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷  

তেওঁ কয় যে, মুখ্যমন্ত্ৰীৰ মাৰ্গদৰ্শন অনুসৰি আগবঢ়োৱা হ'ব সকলো কাম-কাজ ৷ সাধাৰণ ৰাইজৰ মাজলৈ গৈ এই সন্দৰ্ভত কৰা হ'ব মত বিনিময় ৷ কেৱল দলীয় কৰ্মীৰেই নহয়; সাধাৰণ ৰাইজ, সাংবাদিকৰো লোৱা হ'ব মতামত ৷ সৰ্বস্তৰৰ ৰাইজৰ লগত পৰ্যালোচনাৰ অন্তত মুখ্যমন্ত্ৰীক প্ৰতিবেদন দাখিল কৰা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰীজনে ৷ 

লগতে পঢ়ক :Loksabha Election 2024 : ’ৰাহুল গান্ধীয়ে অসমত মূৰ ঘমাই লাভ নাই’ মন্ত্ৰী পীযুষ হাজৰীকা

ABOUT THE AUTHOR

...view details