কাগজৰ লগত সম্পৰ্ক থাকিলেহে কিতাপৰ লগত বেছি আত্মীয়তা অনুভৱ কৰিব পৰা যায়-মন্ত্ৰী বিমল বড়া - কাগজৰ লগত সম্পৰ্ক
Published : Dec 5, 2023, 11:10 AM IST
ডিব্ৰুগড়, 5 ডিচেম্বৰ :ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া অনুষ্ঠিত হৈছে গ্ৰন্থমেলা । গ্ৰন্থ অধ্যয়নৰ এক নতুন পৰিৱেশ সৃষ্টি কৰাৰ লক্ষ্যৰে গ্ৰন্থমেলাসমূহৰ বাকৰিত উন্মোচন হৈছে বহু লেখকৰ নতুন গ্ৰন্থ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে মৰাণৰ অৰুণোদয় সংঘৰ প্ৰাংগণত মৰাণৰ নাগৰিক সমাজ উদ্যোগত অনুষ্ঠিত হৈছে তৃতীয় মৰাণ গ্ৰন্থমেলা ।
29 নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগা এই গ্ৰন্থমেলাৰ বাকৰিত প্ৰতিদিনে লেখক পাঠকৰ ভিৰ দেখিবলৈ পোৱা গৈছে । ৰাজনৈতিক ব্যস্ততাৰ পৰা আঁতৰি নিশা মৰাণত গ্ৰন্থমেলাৰ বাকৰিত প্ৰিয় গ্ৰন্থখন বিচাৰি উপস্থিত হয় সাংস্কৃতিক মন্ত্ৰী বিমল বড়া । প্ৰিয় গ্ৰন্থ বিচাৰি এখনৰ পাচত আন এখন গ্ৰন্থ বিপনী পৰিদৰ্শন কৰিলে মন্ত্ৰী গৰাকীয়ে ।
গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থৰ প্ৰতি আগ্ৰহ দেখুওৱা কেইবাজনো পাঠকক গ্ৰন্থ উপহাৰ দিলে সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰীজনে । গ্ৰন্থ বিচৰাৰ মাজতে সাংবাদিকৰ সৈতে মুখামুখি হৈ মন্ত্ৰী গৰাকীয়ে কয়, ‘কিতাপৰ মাজত পৃথিৱীখন বিচাৰি পোৱা যায় । কিতাপৰ লগত সম্পৰ্ক থাকিলে মনটো প্ৰফুল্লিত হৈ থাকে । সক্ৰিয় ৰাজনীতিত থাকিবলৈ কিতাপ অধ্যয়নৰ প্ৰয়োজনীয়তা আছে’ । সন্তানৰ হাতত কিতাপ তুলি দি গ্ৰন্থ অধ্যয়নৰ অভ্যাস কৰাবলৈ সকলোকে আহ্বান জনাই মন্ত্ৰী বিমল বড়াই ।
লগতে পঢ়ক :তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান