অসম

assam

শোণিতপুৰ বাণিজ্য মেলা

ETV Bharat / videos

Sonitpur Trade Fair : শোণিতপুৰ বাণিজ্য মেলাত মন্ত্ৰী বিমল বড়া - মন্ত্ৰী বিমল বড়া

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 10:49 PM IST

তেজপুৰ, 6 নৱেম্বৰ : অসম চৰকাৰে উদ্যোগ ক্ষেত্ৰত ব্যক্তিগতভাৱে 100  কোটি টকাৰ বিনিয়োগ কৰাৰ বাবে আৰু লগতে 200 জন লোকক সংস্থাপন কৰাৰ বাবে আহ্বান জনাইছে যাতে স্থানীয় লোকৰ সংস্থাপন ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে ৷ সোমবাৰে নিশা তেজপুৰত শোণিতপুৰ বাণিজ্য মেলাত অংশগ্ৰহণ কৰি অসম চৰকাৰৰ সংস্কৃতিক আৰু উদ্যোগ মন্ত্ৰী বিমল বড়াই এই মন্তব্য কৰে ৷  

তেওঁ কয় যে থলুৱাভাৱে অসমৰ যুৱক-যুৱতী এতিয়া যথেষ্ট স্বাৱলম্বী হৈছে গতিকে যি সকল লোকে বিনিয়োগ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে তেওঁলোকে চৰকাৰৰ লগত যোগাযোগ কৰি এই উদ্যোগ স্থাপনৰ ক্ষেত্ৰত আগবাঢ়ি আহিব লাগে ৷ বৰ্তমান পথাৰ আমাৰ আৰু বজাৰো আমাৰেই বুলিও কয় ৷  

মন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ আজমলে কৰা মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে আজমলে সঁচা কথাই কৈছে আৰু সেইটো আমি ভুল বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰিব লাগিব ৷ উল্লেখযোগ্য যে শোণিতপুৰ বাণিজ্য মেলাত সোমবাৰে অসম চৰকাৰৰ বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, মন্ত্ৰী অশোক সিংহল, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, বৰচলাৰ বিধায়ক গণেশ লিম্বু, জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ উপস্থিত থাকে ৷ 

লগতে পঢ়ক :Child Marriage : কলিয়াবৰত বাল্যবিবাহ বিৰোধী প্ৰশিক্ষণ কাৰ্যসূচী

ABOUT THE AUTHOR

...view details