অসম

assam

পূজাৰ মণ্ডপে মণ্ডপে দেৱী দুৰ্গাৰ আৰ্শীবাদ ল’লে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 2:50 PM IST

ETV Bharat / videos

Durga Puja 2023: পূজাৰ মণ্ডপে মণ্ডপে দেৱী দুৰ্গাৰ আৰ্শীবাদ ল’লে মন্ত্ৰী বিমল বড়াই

ডিব্ৰুগড়, 23 অক্টোবৰ: ৰাজ্যৰ চৌদিশে পূজাৰ উছাহ । পূৰ্বৰ তুলনাত এইবাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অধিক আকৰ্ষণীয় ৰূপত দেখা গৈছে পূজা মণ্ডপসমূহ । ইয়াৰ ব্যতিক্ৰম নহয় ডিব্ৰুগড় জিলাৰ মৰাণ । কোনোবাখন মণ্ডপ বাঁহ-বেতেৰে নিৰ্মাণ কৰি অতি আকৰ্ষণীয় ৰূপত নিৰ্মাণ কৰি তোলা হৈছে যদি আন এখন নিৰ্মাণ কৰা হৈছে চন্দ্ৰযানৰ আৰ্হিত ৷

মৰাণত এইবাৰ অনুষ্ঠিত হৈছে প্ৰায় 30 খনকৈ দুৰ্গা পূজা । অষ্টমীৰ নিশা সাংস্কৃতিক আৰু উদ্যোগ মন্ত্ৰী বিমল বড়াই সপৰিয়ালে মৰাণত কেইবাখনো পূজা মণ্ডপলৈ গৈ দেৱীৰ আৰ্শীবাদ গ্ৰহণ কৰে । ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত পূজা সন্দৰ্ভত মন্তব্য আগবঢ়ায় কয়, "ভাৰতবৰ্ষৰ অতি পুৰণি আধ্যাত্মিক সংস্কৃতি হ'ল দুৰ্গা পূজা । মা দুৰ্গাই সকলোৰে জীৱনলৈ সুখ-শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনিব ।" 

লগতে পঢ়ক:Fire at Kaliabor : পূজাৰ আনন্দ উৎসৱৰ মাজতে কলিয়াবৰত বিধ্বংসী অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details