Special programme in Tingkhong: টিংখাং মহাবিদ্যালয়ত হেঁপাহৰ এদিনত মন্ত্ৰী বিমল বড়াক সম্বৰ্ধনা - Special programme in Tingkhong
মৰাণ, ২৮ জুন :এগৰাকী জনপ্ৰতিনিধিৰ কাৰণে এখন মহাবিদ্যালয়ে উদযাপন কৰিলে এটা বিশেষ দিন । নেতাগৰাকীক কৃতজ্ঞতা আৰু সম্ভাষণ জনাবলৈ মহাবিদ্যালয় চৌহদত শিক্ষক-শিক্ষাৰ্থীৰ লগতে ভিৰ কৰেহি সমষ্টিটোৰ সৰ্বস্তৰৰ ৰাইজ । জনপ্ৰতিনিধিৰ ভাল কামৰ শলাগ ল'বলৈ এক ব্যতিক্ৰমী প্ৰচেষ্টা গ্ৰহণ কৰা হয় টিংখাঙত ।
উল্লেখযোগ্য যে টিংখাং সমষ্টিৰ একমাত্ৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান টিংখাং মহাবিদ্যালয়ত এই বৰ্ষৰ পৰা বিজ্ঞান শাখাৰ সংযোজন হোৱাৰ লগতে ইতিমধ্যে পাঠদান আৰম্ভ হৈছে । বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ এক দীৰ্ঘদিনীয়া সপোন বিজ্ঞান শাখাৰ সংযোজনৰ ক্ষেত্ৰত স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বড়াই গ্ৰহণ কৰিছিল পদক্ষেপ । যাৰ উদ্যোগত অঞ্চলটোৰ শিক্ষাৰ্থী সকলৰ বাবে বিজ্ঞান বিষয়ত উচ্চ শিক্ষা সূচল হৈ পৰিল ।
সোমবাৰে বিধায়কগৰাকীৰ বদান্যতাৰ চিনস্বৰূপে টিংখাং মহাবিদ্যালয়ে "হেঁপাহৰ এদিন" নামেৰে এখনি বিশেষ সম্বৰ্ধনা সভাৰ আয়োজন কৰে । এই অনুষ্ঠানটোত টিংখাং মহাবিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী সকলৰ লগতে স্থানীয় বহু সংখ্যক ৰাইজে নেতাগৰাকীক সম্ভাষণ জ্ঞাপন কৰে । আনহাতে, উক্ত অনুষ্ঠানটোৰ লগত সংগতি ৰাখি নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ ওপৰত এখনি আলোচনা চক্ৰৰো আয়োজন কৰা হয় । আলোচনাচক্র খনিত সমল ব্যক্তি ৰূপে উপস্থিত থাকে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹বিনোদ চন্দ্র বড়াই ।
লগতে পঢ়ক:Constituency Delimitation 2023 : লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে 12 ঘন্টীয়া বন্ধ