অসম

assam

বানত ক্ষতিগ্ৰস্ত হোৱা কৃষকসকলক পৰ্যাপ্ত সুবিধা প্ৰদানৰ আশ্বাস মন্ত্ৰী অতুল বৰাৰ

ETV Bharat / videos

Assam flood 2023: বানত ক্ষতিগ্ৰস্ত হোৱা কৃষকসকলক পৰ্যাপ্ত সুবিধা প্ৰদানৰ আশ্বাস মন্ত্ৰী অতুল বৰাৰ - Assam flood 2023

By

Published : Jun 20, 2023, 9:06 PM IST

ধেমাজি, 20 জুন : "বানপানী প্ৰত্যেক বছৰে আহে, প্ৰত্যেক বছৰে বানে খেতিয়কৰ যথেষ্ট পৰিমানে ক্ষতি কৰে ৷ আমি যিমান পাৰোঁ বিকল্প খেতিৰ জৰিয়তে লগতে কমিউনিটি নাৰ্ছাৰীৰ জৰিয়তে খেতিয়কসকলক সকাহ দিবলৈ চেষ্টা কৰিছো ৷ যিবিলাক ঠাইত শালি খেতি হৈ নুঠে সেই ঠাইত বিকল্প বীজৰ বাবে আমি ব্যৱস্থা কৰো ৷ দুৰ্যোগ   ব্যৱস্থাপনাৰ জৰিয়তে ক্ষতিপূৰণ দিয়াৰো ব্যৱস্থা আছে ৷ যোৱাবাৰতকৈ এইবৰ্ষত বানপানী অহা পলমেই হৈছে ৷ যদিও এই বানে বিশেষভাৱে কেইখনমান জিলাত যথেষ্টভাৱে ক্ষতি কৰিছে ৷ এই বৰ্ষত সাংঘাতিকভাৱে বতৰৰ পৰিৱৰ্তন হৈছে ৷ এই বানত কৃষি বিভাগৰ পৰা যিমানখিনি প্ৰয়োজনীয় ব্যৱস্থা সকলোখিনি প্ৰদান কৰা হ’ব, লগতে মই কৃষি বিভাগৰ বিষয়া মুৰব্বীসকলৰ সৈতেও আলোচনাত মিলিত হৈছো ৷" মঙলবাৰে ধেমাজি আৱৰ্ত ভৱনত উপস্থিত হৈ অগপৰ তথা কৃষিমন্ত্ৰী অতুল বৰাই এই মন্তব্য প্ৰকাশ কৰে ৷  

লগতে মন্ত্ৰীগৰাকীয়ে কয় যে, 'খিলঞ্জীয়া স্বাৰ্থ সুৰক্ষাৰ বাবে অগপই সমষ্টিৰ পুনৰ নিৰ্ধাৰণ পূৰ্বৰে পৰা দাবী কৰি আহিছে ৷ NRC যেনেধৰণে হ’ব লাগিছিল, সেয়া নহ’ল, তাত আমি মাৰ খাইছো ৷’

লগতে পঢ়ক:Manipur Violence : সাক্ষাৎ নকৰাকৈয়ে আমেৰিকালৈ ৰাওনা প্ৰধানমন্ত্ৰী; হতাশ মণিপুৰৰ বিৰোধী নেতৃবৰ্গ

ABOUT THE AUTHOR

...view details