অসম

assam

মাজুলীত আধ্যাত্মিক যুৱ সন্মিলন

ETV Bharat / videos

Spiritual youth conference in Majuli: বিজেপিৰে আসন বুজাবুজি কৰি লোকসভা নিৰ্বাচনত যুঁজ দিব অগপই - Minister Keshab Mahanta In Majuli

By

Published : Jun 3, 2023, 8:39 PM IST

মাজুলী, 3 জুন: শনিবাৰে সত্ৰ নগৰী মাজুলীত উপস্থিত হয় মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্ত ৷ মাজুলীৰ জেংৰাইমুখত অনুষ্ঠিত আধ্যাত্মিক যুৱ সন্মিলনত অংশগ্ৰহণ কৰে মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তই (Spiritual youth conference in Majuli) ৷  

এই অনুষ্ঠানত উপস্থিত থাকি অতুল বৰাই কয় যে এনে এটা ব্যতিক্ৰমী অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই যথেষ্ট সুখী অনুভৱ কৰিছো ৷ তেওঁ লগতে কয় দাক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ প্ৰভূৰ নেতৃত্বত অনুষ্ঠিত হোৱা এনেধৰণৰ অনুষ্ঠানে সমাজখন আগবঢ়াই লৈ যাব (Minister Atul Bora and Keshab Mahanta In Majuli) ৷  

আনহাতে সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীজনে কয় যে, বিজেপিৰ লগত আসন বুজাবুজি কৰি লোকসভা নিৰ্বাচনত যুঁজ দিব অসম গণ পৰিষদে ৷ লোকসভাৰ নিৰ্বাচনৰ আগমুহূৰ্তত অগপৰ তৃণমূল ভেঁটি মজবুত কৰিবৰ বাবে প্ৰতিটো লোকসভা সমষ্টিতে কৰ্মী সভা পাতিব বুলিও মন্তব্য কৰে অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতাজনে (Minister Atul Bora In Majuli) ৷  

অসমৰ 14 টা লোকসভা সমষ্টিত অগপৰ তৃণমূল কৰ্মীৰ লগত আলাপ-আলোচনা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰি দেওবাৰে লখিমপুৰ লোকসভা সমষ্টিত এখন কৰ্মী সভাত  দুয়োগৰাকী মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে ৷ লগতে কোন কোন সমষ্টিৰ পৰা অগপই আগন্তুক লোকসভা নিৰ্বাচনত অৱৰ্তীণ হ’ব সেয়া এতিয়াও নিশ্চিত হোৱা নাই বুলি মন্তব্য কৰে অতুল বৰাই (Minister Keshab Mahanta In Majuli) ৷

লগতে পঢ়ক:Ayurvedic Hospital in Majuli: মাজুলীৰ নৱনিৰ্মিত আয়ুৰ্বেদিক চিকিৎসালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

ABOUT THE AUTHOR

...view details