অসম

assam

বঙাইগাঁৱক অসমৰ ভিতৰত ডাঙৰ কমাৰ্চিয়েল হাব হিচাপে গঢ় দিয়াৰ লক্ষ্য অসম চৰকাৰৰ- মন্ত্ৰী অশোক সিংহল

ETV Bharat / videos

Ashok Singhal in Bongaigaon ; বঙাইগাঁৱক অসমৰ ভিতৰত ডাঙৰ কমাৰ্চিয়েল হাব হিচাপে গঢ় দিয়াৰ লক্ষ্য অসম চৰকাৰৰ : অশোক সিংহল

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 6:45 AM IST

Updated : Oct 6, 2023, 7:21 AM IST

বঙাইগাঁও, 6 অক্টোবৰ :বৃহস্পতিবাৰে বিয়লিবঙাইগাঁৱত উপস্থিত হয় অসম চৰকাৰৰ গৃহ নিৰ্মাণ নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন মন্ত্ৰী অশোক সিংহল ৷ বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ মন্ত্ৰী সিংহলে অভয়াপুৰী পৌৰসভা, বঙাইগাঁও পৌৰসভাৰ পৌৰপতি আৰু পৌৰসভাৰ বিষয়ববীয়াসকলৰ সৈতে এক সভাত মিলিত হয় ৷ তেওঁ বঙাইগাঁও পৌৰসভা আৰু অভয়াপুৰী পৌৰসভাৰ বিভিন্ন কাম কাজৰো খতিয়ান লয় ৷

পৌৰসভাৰ এলেকাত বসবাস কৰা জনসাধাৰণৰ কৰাণে অচিৰেই এশ নবৈ কোটি (190) টকা ব্যয়ৰে খোৱাপানীৰ প্ৰকল্পৰ কাম আৰম্ভ কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে তেওঁ কয় যে অতিশীঘ্ৰে পৌৰসভা দুটাত জাবৰ নিষ্কাষণ প্ৰকল্পৰ কামো আৰম্ভ হ'ব ৷ বঙাইগাঁও চহৰৰ সাত বিঘা ভূমিত অত্যাধুনিক অ’ডিটৰিয়াম নিৰ্মাণ কৰা হ’বলৈ গৈ আছে বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ 

অহা কেইবছৰৰ ভিতৰত বঙাইগাঁও চহৰখন অসমৰ ভিতৰত ডাঙৰ কমাৰ্চিয়েল হাব হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে অসম চৰকাৰে কাম কৰি আছে বুলি মত প্ৰকাশ কৰে মন্ত্ৰী সিংহলে ৷ 

লগতে পঢ়ক:Sansad Adarsh Gram Yojana : বিজেপিৰ সাংসদসকলেই পাহৰিলে প্ৰধানমন্ত্রী মোডীৰ আদৰ্শ গাঁৱৰ কথা

Last Updated : Oct 6, 2023, 7:21 AM IST

ABOUT THE AUTHOR

...view details