অসম

assam

দেৰগাঁৱৰ ভয়ংকৰ দুৰ্ঘটনাত দুখ প্ৰকাশ মন্ত্ৰী অজন্তা নেওগৰ

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 1:43 PM IST

দেৰগাঁৱৰ ভয়ংকৰ দুৰ্ঘটনা সন্দৰ্ভত দুখ প্ৰকাশ মন্ত্ৰী অজন্তা নেওগৰ

গুৱাহাটী, 3 জানুৱাৰী :দেৰগাঁৱত পুৱতি নিশা সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে গৃহ সমষ্টিৰ বিধায়িকা তথা বিত্তমন্ত্ৰী অজন্তা নেওগে । বুধবাৰে কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত উপস্থিত থাকি এই ভয়ংকৰ দুৰ্ঘটনাটোৰ সন্দৰ্ভত দুখ প্ৰকাশ কৰে বিধায়িকাগৰাকীয়ে । নেওগে কয়, "তেওঁলোক মোৰ সমষ্টিৰ মানুহ । মই তেওঁলোকক চিনি পাওঁ । এই অনুষ্ঠানটোৰ পিছতেই মই ঘটনাস্থলী পৰ্যবেক্ষণ কৰিম লগতে দুৰ্গতসকলৰ ওচৰতো যাম ।"

উল্লেখ্য যে, ইতিমধ্যে এই দুখজনক ঘটনাৰ পিচতেই জিলা আযুক্তগৰাকীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি সকলো প্ৰকাৰে সহযোগিতা আগবঢ়াইছে ৷ বুধবাৰে পুৱা গোলাঘাট জিলাৰ দেৰগাঁৱৰ বালিজানত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ পুৱতি নিশা গোলাঘাট বচাগাঁৱৰ পৰা এদল লোকে বনভোজ খাবলৈ তিনিচুকীয়া অভিমুখে AS 02 ac 5083 নম্বৰৰ বাছেৰে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় বাহনখন ৷ এই দুৰ্ঘটনাত শিশুসহ 12 জন লোক নিহত হয় । আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত 30 জনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷

লগতে পঢ়ক:বনভোজ খাবলৈ যোৱা যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত, শিশুসহ 12জনৰ মৃত্যু

ABOUT THE AUTHOR

...view details