অসম

assam

নাগালেণ্ডত আয়োজন মিনি হৰ্ণবিল উৎসৱ

ETV Bharat / videos

Mini Hornbill Festival : চুবুৰীয়া ৰাজ্য নাগালেণ্ডত আয়োজন মিনি হৰ্ণবিল উৎসৱ

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 2:22 PM IST

তিতাবৰ, 7 নৱেম্বৰ :উখল-মাখল চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ওখা ৷ কিয়নো চুবুৰীয়া ৰাজ্য নাগালেণ্ডত ছয় দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে মিনি হৰ্ণবিল উৎসৱ । এই মিনি হৰ্ণবিল উৎসৱক টুখ’ ইমং উৎসৱ বুলি জনাজাত নগাসকলৰ মাজত ৷ এই উৎসৱটি বিশেষকৈ নগা লোকসকলৰ অন্যতম জনগোষ্ঠী লোথাসকলৰ কৃষি ভিত্তিক উৎসৱ বুলি জনা যায় ৷

নগা লোকসকলৰ অন্যতম জনগোষ্ঠী লোথাসকলে শস্য চপোৱাৰ পাচতে আয়োজন কৰে ৷ প্ৰত্যেক বছৰে এই বিশেষ উৎসৱটি উপভোগ কৰিবলৈ দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটে নাগালেণ্ডলৈ ৷ লগতে নাগালেণ্ডৰ বহু VIP, VVIP লোকসকলেও এই উৎসৱত উপস্থিত থাকে ৷ বৰ্তমানেও এই মিনি হৰ্ণবিল উৎসৱ বহু দেশী-বিদেশী পৰ্যটকৰ আগমণ ঘটা পৰিলক্ষিত হৈছে ৷

উল্লেখযোগ্য যে, এই উৎসৱৰ পাচতেই আৰম্ভ হয় নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ ৷

লগতে পঢ়ক :Diwali 2023 : দীপাৱলীৰ আকাশ পোহৰাবলৈ বৰপেটাৰ কাৰু শিল্পীসকল

ABOUT THE AUTHOR

...view details