ম'হৰ এঠা দৈৰ সোৱাদ দিবলৈ সাজু লেচিয়া নদীৰ পাৰৰ ম'হপালক - Bhogali Bihu in Assam
Published : Jan 13, 2024, 4:05 PM IST
ধেমাজি,১৩ জানুৱাৰী: কাইলৈ উৰুকা । উৰুকাৰ নিশা হাঁহে-মাহে এসাঁজ খাই বিহুৰ পুৱা এঠা দৈৰে জলপানৰ জুতি ল'বলৈ সাজু হৈছে অসমবাসী । হেঁপাহৰ ভোগালীক আদৰিবলৈ ব্যস্ততাৰ অন্ত নাই কৃষিজীৱি অসমীয়াৰ । আধুনিকতাৰ পৰশ পেলাই সকলোতে আটক ধুনীয়াকৈ সাজিছে মেজি । এঠা দৈ প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে প্ৰতিগৰাকী গো-পালক । পুহ মাহৰ হাঁড় কঁপোৱা পুৱা চাৰিওফালে ঘন কুৱঁলীৰ মায়াময় আচ্ছাদনে আৱৰি ৰখা এক পৰিৱেশৰ মাজতেই ম’হখুঁটিবোৰত আৰম্ভ হয় ম’হ গোৱাল আৰু ম’হপালকসকলৰ জীৱন সংগ্ৰামৰ যুঁজখন ৷ কাৰণ বেলি ওলালেই ম’হজাক চৰিবলৈ এৰি দিব লাগিব ৷ তাতে বিহুৰ বতৰ ৷
ম'হৰ এঠা দৈৰ সোৱাদ দিবলৈ সাজু হৈছে ধেমাজিৰ লেচিয়া নদীৰ পাৰৰ ম’হখুঁটিৰ ম'হ গোৱাল । ধেমাজিৰ জিলাখনৰ ভিতৰতে নিৰ্ভেজাল ম’হ গাখীৰ বাবে বিখ্যাত ঠাই হৈছে ধেমাজি গোঁহাই গাঁৱৰ সমীপৰ লেচিয়া নদীৰ পাৰৰ ম’হখুঁটি ৷ বৰ্তমান ৫ টা ম’হখুঁটিৰ পৰাই গোৱালে সংগ্ৰহ কৰে গাখীৰ ৷ কিদৰে প্ৰস্তুতি চলাইছে ম'হপালকসকলে এই সন্দৰ্ভত এক প্ৰতিবেদন ।