Mid Day Meal Workers hold Protest: হিমন্ত মামাৰ ঘৈণীয়েকৰ চাবোন এডোখৰৰ দাম এহেজাৰ টকা নহয় ! - শ শ ৰন্ধন কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে
Published : Nov 4, 2023, 2:37 PM IST
নলবাৰী, ৪ নৱেম্বৰ :সমগ্ৰ ৰাজ্যতে অব্যাহত আছে ৰন্ধন কৰ্মীৰ মজুৰী বৃদ্ধিৰ প্ৰতিবাদ । নলবাৰীতো শনিবাৰে জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি পুৱাৰে পৰা শ শ ৰন্ধন কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । নাম, বিয়া নামৰ লগতে বিভিন্ন গীতেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৰন্ধন কৰ্মীসকলে ৷
আগন্তুক লোকসভা নিৰ্বাচনত প্ৰত্যুত্তৰ দিব বুলি বিজেপি চৰকাৰক সকীয়নি প্ৰদান কৰে প্ৰতিবাদকাৰী ৰন্ধন কৰ্মীসকলে । উল্লেখযোগ্য যে, সদৌ অসম ৰন্ধন কৰ্মচাৰী সন্থাৰ আহ্বানত ৰাজ্যজুৰি ৰন্ধন কৰ্মীসকলে ১০ হেজাৰ টকা মাননি ধাৰ্য কৰা, সমস্ত বকেয়া মাননি আদায় দিয়া, বছৰৰ ১২ মাহৰ বাবে মাননি প্ৰদান কৰা আদি দাবীৰে কালিৰে পৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ।
চৰকাৰে অতি শীঘ্ৰে ৰন্ধন কৰ্মীৰ দাবী নামানিলে আৰু অধিক তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে শ শ ৰন্ধন কৰ্মীয়ে । লগতে প্ৰতিবাদস্থলীৰ পৰা প্ৰতিবাদকাৰীসকলে আবেগিকভাৱে মুখ্যমন্ত্ৰীক তেওঁলোকৰ দাবী মানি ল’বলৈ আহ্বান জনায় । দাবী পূৰণ কৰিব নোৱাৰিলে তেওঁলোকক মাৰি পেলাবলৈ অনুৰোধ প্ৰতিবাদকাৰীৰ ।
লগতে পঢ়ক :Mid Day Meal Worker Protest : বিভিন্ন সমস্যা সমাধানৰ দাবীত হোজাইত প্ৰতিবাদ মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ